মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ৫ এপ্ৰিলঃ আজাৰাৰ হাটুৱাপাৰা ঐতিহ্যমণ্ডিত মনসা মন্দিৰত বিগত বছৰৰ দৰে এইবেলিও ঐতিহ্যমণ্ডিত মনসা মন্দিৰটোত বুধৱৰৰ পৰা পাচদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে ৩৩ তম্ শ্ৰী শ্ৰী মা মনসা দেৱীৰ পূজা। আজাৰা আঞ্চলিক শ্ৰী শ্ৰী মা মনসা দেৱী পূজা সমিতিৰ উদ্যোগত পালন কৰা মনসা দেৱীৰ পূজাত পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে অঞ্চলটোৰ ভক্ত প্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয়‌। ধূপ ধূনা , নৈবদ্য আদিৰে মনসা দেৱীৰ শ্ৰীচৰণত আশীস লোৱাৰ উপৰিও হাঁহ, পাৰ, ছাগলী দান দিয়ে ভক্তসকলে। মা মনসা দেৱীৰ পূজা স্থলীত পুৱাৰে পৰা নাম প্ৰসংগ, ওজাপালি, দেওধা নাচ, হোম, আৰতি অব্যাহত আছে। জনবিশ্বাস ম’তে এই পূজাভাগ আৰম্ভ কৰাৰ পিছৰে পৰা বিভিন্ন ভক্ত উপকৃত হোৱাৰ লগতে অঞ্চলটোৰ ৰাইজ বিভিন্ন ৰোগ তথা সমস্যাৰ পৰা মুক্তি লাভ কৰে।