কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৬ এপ্ৰিলঃ বৰপেটা জিলাৰ জয়ধৰ ৰাজবংশীয়ে ৫০ বছৰ পিছত কাছাৰত থকা নিজৰ পৰিয়ালৰ সদস্যক বৰপেটাত লগ পাই আবেগিক হৈ পৰে। ৫০ বছৰ পূৰ্বে কাছাৰ জিলাৰ লাক্ষীচৰা গাঁৱৰ জয়ধৰ ৰাজবংশীয়ে পৰিয়াল লগত হোৱা মতানৈক্য ফলত নিজৰ বাসগৃহ এৰি বৰপেটা জিলাৰ পাঠশালাৰ নালীপাৰা গাঁৱত স্থায়ীৰূপে বসবাস কৰিবলৈ ধৰে। সময় বাগৰাৰ লগে লগে নিজৰ পৰিয়ালৰ লগত জয়ধৰৰ সম্পৰ্ক বিচ্ছিন্ন হৈ পৰে যদিও সময়ে পুনৰ জয়ধৰৰ পৰিয়াল সদস্যক জয়ধৰৰ সন্মুখত আনি থিয় কৰাই দিয়ে। ৫০ বছৰ পিছত মুখৰ সন্মুখত নিজৰ ভতিজাক আৰু নাতিয়েকক পাই আৱেগত হৈ কান্দোনত ভাঙি পৰে জয়ধৰ।

বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰৰ এটা এনআৰচি কেন্দ্ৰত জয়ধৰে ৫০ বছৰ পিছত লগ পায় নিজৰ ভতিজাক আৰু নাতিয়েকক। এনআৰচিৰ বংশবৃক্ষৰ পুনৰীক্ষণৰ বাবে বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰৰ এটা এনআৰচি কেন্দ্ৰই জয়ধৰৰ ভতিজাক আৰু জয়ধৰক কেন্দ্ৰটোত উপস্থিত থাকিবলৈ জাননী প্ৰেৰণ কৰাৰ পিছত কেন্দ্ৰটো বৃহস্পতিবাৰে জয়ধৰাৰ ভতিজাকৰ লগত মিলন ঘটে। পৰিয়ালৰ পৰা সুদীৰ্ঘ ৫০ বছৰ বিচ্ছিন্ন হৈ থকাৰ পিছত এনআৰচিৰ বাবে নিজৰ পৰিয়ালৰ লোকৰ লগত পুনৰ মিলন ঘটনাৰ বাবে জয়ধৰ আনন্দত আত্মহাৰা হৈ পৰে।