বৰপেটা, সংবাদ ৩৬৫, ১৭ ডিচেম্বৰ: বৰপেটা জিলাৰ মন্দিয়া শিশু সংহতি প্ৰকল্পৰ অধিনস্ত ১৯৪ নং টাপাজুলি অঙ্গনৱাড়ী কেন্দ্ৰটোত অস্বাস্থ্যকৰ পৰিবেশে বিৰাজ কৰিছে। উক্ত কেন্দ্ৰটোৰ ৰান্ধনী ঘৰটো বিগত এবছৰ ধৰি গোহালি ঘৰ হিচাপে ব্যৱহাৰ কৰাত ক্ষুদ্ধ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বাবৰ আলীমোল্লা এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আফৰ আলীয়ে কেন্দ্ৰটোৰ ৰান্ধনী ঘৰটো ছাগলীৰ গোহালি হিচাপে ব্যৱহাৰ কৰাত বহুবাৰ আপত্তি দৰ্শাইছে যদিও কৰ্মীৰ কথাত কোনো গুৰুত্ব প্ৰদান কৰা নাই শিক্ষক আফৰ আলীয়ে। অতি মন কৰিবলগীয়া কথাটো যে কেন্দ্ৰটোলৈ অহা শিশুসকলে বাদাম বুলি ছাগলীৰ মল-মূত্ৰকে খোৱাৰ লগতে ছাগলীৰ মল-মূত্ৰৰ গোন্ধত কেন্দ্ৰটোৰ ওচৰলৈকে যাব নোৱাৰা পৰিস্থিতি হৈছে। বৰ্তমান কেন্দ্ৰটোত অস্বাস্থ্যকৰ পৰিবেশৰ বাবে অঙ্গনৱাড়ী কেন্দ্ৰ আৰু গোহালি হিচাপে ব্যৱহাৰ হোৱা কেন্দ্ৰটোৰ ৰান্ধনী ঘৰটোত তলা বন্ধ কৰি দিয়ে ক্ষুদ্ধ ৰাইজে।