তামুলপুৰ, সংবাদ ৩৬৫, ৭ জানুৱাৰী: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত আজিৰে পৰা নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫১ সংখ্যক কেন্দ্ৰীয় অধিবেশন আৰম্ভ হয়। গৌজোন ফৌথাৰ (সমন্বয় ক্ষেত্ৰ)ত অনুষ্ঠিত কেন্দ্ৰীয় অধিৱেশনত সোমবাৰে উদুলি মুদুলি পৰিবেশ পৰিলক্ষিত হয়। সোমবাৰে পুৱাই তামুলপুৰ মুহকুমাধিপতি সুজিত বাগলাৰীয়ে মুখ্যদ্বাৰ উন্মোচন কৰা অধিবেশনত বড়ো যুৱক-যুৱতীৰে লোকে লোকৰণ্য হৈ পৰে। এহেজাৰ বৰ্গফুট মাটিকালিত প্ৰদৰ্শনী, গ্ৰন্থমেলা, জনগোষ্ঠীয় বস্ত্ৰমেলা, বাণিজ্য মেলা আৰু বিভিন্ন জনগোষ্ঠীয় খাদ্যমেলা অনুষ্ঠিত হ’ব এই অধিবেশনত। সোমবাৰে পুৱা প্ৰয়াত উপেন্দ্ৰ নাথ বহ্মৰ প্ৰতিমুৰ্তিত শ্ৰদ্বাঞ্জলি অৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যই। শ্ৰদ্বাঞ্জলি অৰ্পণ কৰি তেওঁ সংগ্ৰামী সত্ত্বাৰ ওপৰত বক্তব্য আগবঢ়ায়। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ দিল্লী, চণ্ডীগড়, পশ্চিম বঙ্গ, মহাৰাষ্ট্ৰ, ত্ৰিপুৰা আদিৰ লগতে নেপাল, বাংলাদেশ আৰু ভূটানৰ পৰাও প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব এই অধিবেশনত ৷ এই অধিৱেশনতে ভাৰতৰ ক্ষুদ্ৰৰাজ্য দাৱী সমিতি (এন এফ এন এচ)ৰো এখন কাৰ্যকৰী সভা অনুষ্ঠিত হ’ব। উল্লেখ্য যে এৱছুৰ এই অধিবেশনৰ পিচতে হয়তো পৃথক বডোলেণ্ডৰ দাবী অধিক তীব্ৰতৰ হৈ উঠিব ।