ছয়গাও, সংবাদ ৩৬৫, ৭ জানুৱাৰী: কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিলখন আইনলৈ পৰিণত কৰাৰ বাবে লোৱা পদক্ষেপৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ছয়গাৱতো সোমবাৰে ছয়গাও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । আছুৰ সদস্যসকলে ছয়গাও চহৰৰ মাজ মজিয়াত নাগৰিকত্ব সংশোধনী বিলখনৰ প্ৰতীকি প্ৰতিলিপি দাহ কৰে । আছুৰ সদস্যসকলে কিছু সময় ধৰি ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দিয়ে । আছুৰ সদস্যসকলে হাতে হাতে আছুৰ পতাকা লৈ নৰেন্দ্ৰ মোডী গ বেক, নৰেন্দ্ৰ মোডী হায় হায়, নাগৰিকত্ব সংশোধনী বিল বাতি কৰিবই লাগিব, আছু জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে ছয়গাও চহৰৰ ।