তামুলপুৰ, সংবাদ ৩৬৫, ৭ জানুৱাৰী: কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসম চূক্তিৰ পাচ নং দফাটোক হত্যা কৰি ছয় নং দফাক কাৰ্যকৰী কৰি অসম চুক্তিক নৎসাত কৰিব বিচাৰিছে ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিল গৃহীত কৰিব বিচাৰিছে ৷ চৰকাৰৰ এই জাতিধংসী কাৰ্য্য কেতিয়াও মানি লোৱা নহ’ব ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বিলৰ বিৰোধীতাৰ বাবে উত্তৰ পূৱৰ সাতখন জিলা একত্ৰিত হৈছে। তামুলপুৰত অনুস্থিত নিখিল বড়ো ছাত্ৰ সংস্থাৰ ৫১ সংখ্যক অধিবেশনৰ কাৰ্যসূচীত অংশ গ্ৰহন কৰিবলৈ আহি আছুৰ মূখ্য উপদেষ্টা ড’ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধীতা কৰি তেনেদৰে কয় ৷