ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১৭ ডিচেম্বৰ: তিনিচুকীয়া জিলাৰ ডুমডুমা ছৈখোৱা আৰক্ষী থানাৰ অন্তৰ্গত বাঘঘুলি চাপৰিৰ ঢেকীয়াজান নেপালী বস্তীৰ নিবাসী খেম বাহাদুৰ ছেত্ৰী ওৰফে চানি মহাজন যোৱা শনিবাৰৰ পৰা সন্ধানহীন হৈ আছে। চানি মহাজন পেছাত এজন গাখীৰ ব্যৱসায়ী আছিল। আৰু যোৱা শনিবাৰে তেওঁ নিজ মহ’ৰ খুটিৰ পৰা নিৰুদ্দেশ হয়। খেম বাহাদুৰ ছেত্ৰী নিৰুদ্দেশ হোৱা সন্দৰ্ভত পৰিয়ালৰ লোকৰ অভিযোগ যে কোনো অজ্ঞাত লোকে তেওঁক অপহৰণ কৰি নিছে। ঘটনা সন্দৰ্ভত জানিব পৰামতে শনিবাৰৰ সন্ধ্যা শেষ বাৰলৈ ফোন যোগে যোগা-যোগ হৈছিল তেওঁৰ পৰিয়ালৰ লোকৰ সৈতে। আৰু তাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে খেম বাহাদুৰ ছেত্ৰী। উল্লেখযোগ্য যে যোৱা বছৰ কৰ্কট ৰোগত মৃত্য হয় লোক জনৰ পত্নীৰ। চাৰিজনী কন্যা সন্তান, বৃদ্ধা মাকৰ লগতে এটি কিশোৰক ভৰন পোষণৰ সমস্ত দায়িত্ব মাত্ৰ খেম বাহাদুৰ ছেত্ৰীৰ ওপৰতেই। পৰিয়ালটোত বৃদ্ধা আইতাৰ লগতে সকলোৰে আশা খেম বাহাদুৰক সু-শৰীৰে ওভটাই পোৱাতো। বৃদ্ধা মাতৃৰ অপহৰণকাৰীলৈ অনুৰোধ যে কোনো বিপদ বিঘিনি নোহোৱাকৈ চাৰি সন্তানৰ দেউতাকক সুকলমে ঘূৰাই দিয়ক।