নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩ এপ্ৰিল : মঙ্গলবাৰে দেশৰ মুঠ ২০,১১৬টা ভোটকেন্দ্ৰত ১ কোটি ৭৬ লাখ ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য। গুজৰাটৰ ২৬টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। কেৰালাৰ ২০টা, মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ ১৪টাকৈ সমষ্টি, উত্তৰ প্ৰদেশৰ ১০টা, ছত্তীশগড়ৰ ৭টা, ওড়িশাৰ ৬টা, বিহাৰ, পশ্চিম বংগৰ ৫টাকৈ সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

ইফালে আজি গান্ধীনগৰত ভাগ্য নিৰ্ণয় হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ। আনহাতে, কেৰালাৰ ৱাইনাডত অৱতীৰ্ণ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ।

আনহাতে, উত্তৰ প্ৰদেশৰ মৈনপুৰীত নিৰ্বাচনত অৱতীৰ্ণ হৈছে মূলায়ম সিং যাদৱ। ৰামপুৰত অৱতীৰ্ণ সমাজবাদী পাৰ্টীৰ আজম খান। ইফালে, ৰামপুৰত বিজেপিৰ জয়া প্ৰদা, পিলিভিটত বৰুণ গান্ধী, কৰ্ণাটকৰ গুলবাৰ্গত কংগ্ৰেছৰ মল্লিকাৰ্জুন খাৰ্গে, কেৰালাৰ তিৰুৱনন্তপুৰমত কংগ্ৰেছৰ শশী থাৰুৰ, মহাৰাষ্ট্ৰৰ বাৰামাটি সমষ্টিত এন চি পিৰ সুপ্ৰিয়া ছুলে, বিহাৰৰ মাধেপুৰাত ভাগ্য নিৰ্ণয় হ’ব আৰ জে ডিৰ শাৰদ যাদৱৰ।

মুঠৰ ওপৰত পূৰ্ণদ্যমে চলিছে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মহাৰণ। কোনে, ক’ত মাৰিব শেষ হাঁহি ? ইয়াৰ বাবে অপেক্ষা মাথোঁ ২৩ মে’লৈ।