গুৱাহাটী

১৫ ছেপ্টেম্বৰ

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক ৰাজনৈতিক দল গঠনৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। নতুন দল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কো ডি শইকীয়াই আঞ্চলিক শক্তি ঐক্যবদ্ধ নোহোৱাতক ঐতিহাসিক ভূল বুলি অভিহিত কৰে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তি কাৰ্যালয়ত সংবাদ মেল অনুষ্ঠিত কৰি সভাপতি ভাস্কো ডি শইকীয়াই কয় আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন আঞ্চলিক ৰাজনৈতিক দলটোক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতি সুখী নহয়। আঞ্চলিক শক্তি ঐক্যবদ্ধ নোহোৱাতোক ঐতিহাসিক ভূল বুলিও অভিহিত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি গৰাকীয়ে। আঞ্চলিক ৰাজনৈতিক দল গঠনৰ সন্দৰ্ভত সকলো আঞ্চলিক শক্তিক ঐক্যবদ্ধ হৈ থিয় দিয়াৰ উদ্দেশ্যে আমি আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক একলগ হোৱাৰ বাবে আহ্বান জনাইছিলো যদিও এই ক্ষেত্ৰত কৃষক মুক্তি সংগ্রাম সমিতি কোনো ধৰণৰ সঁহাৰি নাপালে বুলিও মন্তব্য কৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ভাস্কো ডি শইকীয়াই। আমাৰ উদাৰতাক দুৰ্বলটা বুলি নাভাবিব, আহা ২০ ছেপ্টেম্বৰলৈ আমি আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সিদ্ধান্তৰ অপেক্ষা কৰিম। পৃথকে পৃথকে ৰাজনৈতিক দল গঠন কৰাত বিজেপি আৰু আৰ এছ এছ সুখী হ’ব বুলিও সংবাদ মেলত মন্তব্য প্ৰকাশ কৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি গৰাকীয়ে। অসমৰ সকলো জাতীয় সংগঠন, জনগোষ্ঠীয়-জনজাতীয় সংগঠন, “কা” বিৰোধী ছাত্র সমাজ, শিল্পী সমাজৰ, বুদ্ধিজীৱী সমাজৰ লগত কৃষক মুক্তি সংগ্ৰাম সমিতি আলোচনাত মিলিত হ’ব বুলিও জানিবলৈ দিয়ে ভাস্কো ডি শইকীয়াই। সোমবাৰে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ‘অসম জাতীয় পৰিষদ’ নামৰ নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন কৰাৰ পিছতে বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন ৰাজনৈতিক দলটো প্ৰতিটো সমষ্টিত ৭০০ ৰ পৰা ১৫০০ ভোট লাভ কৰিব বুলিও ভৱিষ্যত বাণী কৰিছিল।

বিভিন্ন “কা” বিৰোধী দল-সংগঠনে ৰাজনৈতিক দল গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত কৃষক নেতা অখিল গগৈয়ে সকলো “কা” বিৰোধী দল-সংগঠনক একত্ৰিত হ’বলৈ আহ্বান জনাইছিল। অখিল গগৈয়ে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষডকো এখন মঞ্চৰ তললৈ আহিবলৈ আহ্বান জনাইছিল।