ডিফু

১৪ ছেপ্টেম্বৰ

কাৰ্বি আংলং-নাগালেণ্ড সীমান্তত ড্ৰাগছ সৰবৰাহকাৰীৰ দৌৰাত্ম্য অব্যাহত৷ টাটা ডিআই বাহনৰ গোপন চেম্বাৰত লুকুৱাই অনা প্ৰায় ৪৬০ গ্ৰাম ওজনৰ হেৰইন উদ্ধাৰ৷

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত ড্রাগছ সৰবৰাহৰ ঘটনা দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰাৰ বিপৰীতে আৰক্ষীয়েও ড্রাগছ সৰবৰাহকাৰী চক্রৰ বিৰুদ্ধে তীব্রতৰ কৰি ৰাখিছে অভিযান। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে জিলাখনৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বিভিন্ন অঞ্চলত নিতৌ বুজন পৰিমাণৰ নিচাযুক্ত সামগ্রীৰ লগতে আৰক্ষীৰ জালত পৰিছে কেইবাগৰাকী ড্রাগছৰ অবৈধ সৰবৰাহকাৰী। ড্রাগছ সৰবৰাহকাৰীক জালত পেলােৱাৰ বাবে জিলাখনৰ আৰক্ষীয়ে নিতৌ ন ন কৌশল অবলম্বন কৰাৰ বিপৰীতে আৰক্ষীৰ চকুত ধুলি দি লাখ লাখ টকাৰ নিচাযুক্ত সামগ্রী সৰবৰাবাহ কৰাৰ বাবেও অবিশ্বাস্যভাৱে কেতবােৰ ন ন কৌশল অৱলম্বন কৰিছে ধূৰন্ধৰ ড্রাগছ সৰবৰাহকাৰী চক্রই।

জিলাখনত যােৱা ৩১ আগষ্টত ডিলাই আৰক্ষী থানাৰ অন্তর্গত লাহৰীজানত আৰক্ষীয়ে প্রায় ত্রিশ লাখ টকাৰ ড্রাগছসহ এখন টাটা ডি আই বাহন জব্দ কৰাৰ পিছত সোমবাৰে পুনৰ বুজন পৰিমাণৰ হেৰইন জব্দ কৰাৰ ঘটনাই ড্রাগছ সৰবৰাহকাৰী চক্রই অৱলম্বন কৰা ন ন কৌশলৰ কথা পােহৰলৈ আহিছে। উল্লেখযোগ্য যে, যােৱা
৩১ আগষ্টত ডিলাই থানাৰ অন্তর্গত লাহাৰীজান এক গােপন সূত্রৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই ৫৭২ গ্রাম হেৰইনসহ এএছ-২৫-ডিচি-৬৮১৬ নম্বৰৰ এখন টাটা ডি আই বাহন জব্দ কবিবলৈ সক্ষম হৈছিল। উক্ত ড্রাগছখিনিৰ সৈতে আৰক্ষীয়ে দুই ড্রাগছ সৰবৰাহকাৰীকো গ্রেপ্রাৰ কৰিবলৈ সক্ষম হৈছিল। এই সন্দৰ্ভত ডিলাই থানাত ২৬/২০২০ নম্বৰত এক গােচৰো ৰুজু কৰা হৈছিল। ইফালে, উক্ত বাহনখনতে ড্রাগছ সৰবৰাহকাবী চক্রই বাহনৰ ইঞ্জিনৰ সৈতে সংলগ্ন কৰি এক গােপন চেম্বাৰ নির্মাণ কৰি উক্ত চেম্বাৰতাে বুজন পৰিমাণৰ ড্রাগছ গােপনে সৰববাহ কৰি আনিছিল যদিও আৰক্ষীৰ নিশ্চিদ্র তালাচীৰ পিছতাে আৰক্ষীয়ে উক্ত গােপন চেম্বাৰৰ সম্পর্কে কোনাে ভূ পােৱা নাছিল।

ইয়াৰ মাজতে দেওবাৰে সন্ধিয়া খটখটা আৰক্ষীয়ে পুনৰ ৪৭ টা চাবােনৰ বাকচত লুকুৱাই অনা অবস্থাত প্রায় ৪০ লক্ষাধিক টকাৰ হেৰইন জব্দ কৰাৰ লগতে এই সন্দর্ভত এখন বাহনসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীকো গ্রেপ্তাৰ কবিবলৈ সক্ষম হয়। গ্রেপ্তাৰ হােৱা ড্রাগছ সৰবৰাহকাৰী তিনি জনৰ মাজৰে নগাঁও জিলাৰ ধিং থানাৰ অন্তর্গত মৰিয়াধ্বজ গাঁৱৰ মুজাস্মিল আলী ড্রাগছ সৰবৰাহকাৰী এই চক্রৰ অন্যতম প্ৰধান ব্যক্তি বুলি আৰক্ষীয়ে তথ্য লাভ কৰে। মােজাম্মল আলী পূৰ্বে ড্ৰাগছসহ জব্দ হোৱা বাহনৰল খনৰ গােপন চেম্বাৰ সন্দর্ভত অবগত হােৱাৰ যথেষ্ট সম্ভাবনা থকা বুলি আৰক্ষীয়ে গোপন সূত্রটোৰ যােগেদি তথ্য লাভ কৰি মােজাম্মিল আলীক ধাৰাবাহিকভাৱে জেৰা চলায়। আৰক্ষীৰ জেৰাত ধৃত মােজাম্মিল আলীয়ে যােৱা ৩১ আগষ্টত আৰক্ষীয়ে জব্দ কৰা এএছ-২৫-ডিচি-৬৮১৬ নম্বৰৰ বাহনখনত এক গােপন চেম্বাৰত এতিয়াও ভালেখিনি অবৈধ ড্রাগছ মজুত থকা বুলি স্বীকাৰ কৰে। ধৃত ড্রাগছ সৰবৰাহকাৰী মােজাম্মিল আলীৰ স্বীকাৰােক্তিৰ ভিত্তিত বাহনখনৰ ইঞ্জিনৰ সৈতে সংলগ্ন কৰি অতি গােপনভাৱে নির্মাণ কৰা চেম্বাৰত লুকুৱাই ৰখা অৱস্থাত ৩৮ টা চাবােনৰ বাকচত ভৰাই থােৱা অৱস্থাত ৪৬০ গ্রাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

বাহনখনৰ ইঞ্জিনৰ সৈতে সংলগ্ন কৰা গােপন চেম্বাৰটো ইমানেই কৌশলেৰে নির্মাণ কৰা হৈছিল যে বাহিৰৰ পৰা ইয়াক দেখাতাে কোনাে কাৰণতে সম্ভৱপৰ নাছিল। বােকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাস, উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, ডিলাই থানাৰ ভাৰপ্রাপ্ত বিষয়া ৰাজু বাহাদুৰ ছেত্রী আৰু বৰপথাৰৰ চক্র আৰক্ষী বিষয়া ভূপেন কলিতাৰ উপস্থিতিত নিচাযুক্ত দ্রব্যসমূহ উদ্ধাৰ কৰা হয়।