আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৪ নৱেম্বৰ

ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত শিৱসাগৰত অনুষ্ঠিত হ’ব ৰাজনৈতিক অভিৱৰ্তন। কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দল আৰু বিজেপি, এআইইউডিএফৰ দৰে সাম্প্ৰদায়িক দলৰ সৈতে কোনো মিত্ৰতা নহয়। আঞ্চলিক শক্তি সমূহ একত্ৰিত কৰি ৰাজনৈতিক যুঁজত নামিব এজেপি।

শিৱসাগৰত নৱগঠিত আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সংবাদমেল। শিৱসাগৰ নগৰৰ হোটেল বৃন্দাবনত অনুষ্ঠিত সংবাদমেলত অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক ড° বসন্ত ডেকা আৰু ড° কৃষ্ণগোপাল ভট্টাচাৰ্যৰ লগতে সমন্বয়ক অদীপ কুমাৰ ফুকন, অসম জাতীয় পৰিষদৰ আহ্বায়ক তথা জাতীয় যুৱ শক্তিৰ তত্বাৱধায়ক চিত্তৰঞ্জন বাসুমতাৰী, বীৰেণ বৰুৱা, ৰবীন দত্তকে ধৰি দলটোৰ লগতে ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ কেইবাগৰাকীও ৰাজ্যিক আহ্বায়ক উপস্থিত থাকে। আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰূপে ভূমিষ্ঠ হোৱাৰ পিছতে অসম জাতীয় পৰিষদৰ প্ৰথম ৰাজনৈতিক অভিবর্তন অনুষ্ঠিত হ’ব অসমীয়া জাতিৰ প্ৰাণকেন্দ্ৰ ঐতিহ্যমণ্ডিত শিৱসাগৰত। ইতিমধ্যে ঘোষণা হোৱা দলটোৱে এই ৰাজনৈতিক অভিৱৰ্তনত নেতৃত্ব লাভ কৰিব। ইয়াত কাৰ্যনিৰ্বাহ সমিতি গঠন হোৱাৰ লগতে গ্ৰহণ কৰা হ’ব দলৰ স‌ংবিধান। ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া অভিৱৰ্তনৰ প্ৰথম দিনা আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় দিনা মূল ৰাজনৈতিক অভিবৰ্তন অনুষ্ঠিত হ’ব। দ্বিতীয় দিনা অনুষ্ঠিত হ’বলগীয়া ৰাজনৈতিক অভিবৰ্তনত ৰাজনৈতিক দলক কোনে নেতৃত্ব দিব সেইটো ঠিক হ’ব। দল পৰিচালনা কৰিবৰ বাবে হাইকামাণ্ড ৰূপে এটা উচ্চস্তৰীয়া সমিতি থাকিব বুলি সংবাদ মেলত জানিব দিয়ে। আগন্তুক নিৰ্বাচন সন্দৰ্ভত গঠিত হ’বলগীয়া নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও সংবাদ মেলত জানিবলৈ দিয়া হয়।

অসমত ৰাজনৈতিক মিত্ৰতাৰ দিশত কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দল আৰু বিজেপি তথা এআইইউডিএফৰ দৰে সাম্প্ৰদায়িক দলৰ সৈতে কোনো কাৰণত মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দিয়া হয় সংবাদ মেলত।