গুৱাহাটী
২৪ নৱেম্বৰ

২৬ নৱেম্বৰত অসমলৈ আহিব ৰাহুল গান্ধী। প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্যত উপস্থিত থাকিব ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছ দলৰ কেইবাগৰাকী শীৰ্ষ নেতৃত্ব উপস্থিত থাকিব প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্যত।

সোমবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰা ৰাজ্যৰ প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ২৬ নৱেম্বৰত। একেৰাহে তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী যোৱা ৰাজ্যৰ একমাত্ৰ প্ৰয়াত নেতা গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অহা ২৬ নৱেম্বৰত অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্যত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে কংগ্রেছৰ কেইবাগৰাকী শীৰ্ষ নেতৃত্ব উপস্থিত থাকিব। জানিবলৈ পোৱা মতে কংগ্ৰেছৰ শীৰ্ষ নেতা জিতেন্দ্ৰ সিং আৰু কে চি বেণুুগোপাল উপস্থিত থাকিব প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্তিম বিদায় অনুষ্ঠানত।

উল্লেখ্য যে বিগত তিনিমাহ ধৰি কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে চিকিৎসাধীন হৈ আছিল প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকী। যোৱা শনিবাৰৰ পৰা প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য অধিক সংকটজনক হৈ পৰিছিল। সোমবাৰে সন্ধিয়া ৫.৩৪ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে জন নেতা গৰাকীয়ে।