গুৱাহাটী

২৩ নৱেম্বৰ

দীৰ্ঘদিন চিকিৎসলায়ত মৃত্যুৰ সৈতে যুঁজি অৱশেষত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বিয়োগত শোকত ভাঙি পৰিছে ৰাজ্যবাসী। সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি মানুহৰ মুখে মুখে এতিয়া কেৱল মাত্ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ কথা। সকলোৱে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগৰ পিছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি কয় যে “মোৰ পিতৃসম প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত মৰ্মাহত হৈছোঁ। তৰুণ গগৈৰ ব্যক্তিত্ব আৰু অক্লান্ত কৰ্মস্পৃহাই কেৱল অসমৰে নহয়, সমগ্ৰ দেশৰে ৰাজনীতিৰ পথাৰত এক শক্তিশালী চানেকি দেখুৱাইই থৈ গল”। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু কয় যে ” প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগ অসমৰ ৰাজনীতিৰ বাবে এটা বৃহৎ ক্ষতি। তৰুণ গগৈয়ে পিতৃয়ে পুত্ৰক দিয়া আদেশৰ দৰে আমাক বহু সময়ত আদেশ দিছিল”। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত ৰাজ্য চৰকাৰে তিনিদিন শোক পালন কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকা সময়ত সামাজিক কামত বহুবাৰ তেওঁৰ সৈতে ৰাজ্যৰ বিভিন্ন সমস্যা সমাধানৰ হেতু আলোচনাত মিলিত হৈছিলো বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালে। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে “তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলিৰে মোৰ মনৰ ভাব প্ৰকাশ কৰি কওঁ যে “তেওঁ মোৰ হৃদয়ত প্রোজ্বল স্মাৰক হিচাপে চিৰদিন থাকিব।”

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মঙলবাৰে জননেতা গৰাকীৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা জনাব পাৰিব ৰাইজে। সোমবাৰে সন্ধিয়া ৫.৩৪ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ ৰাইজেও পাব সুবিধা। ৰাইজৰ নেতাগৰাকীৰ নশ্বৰ দেহত মঙলবাৰে পুৱাৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব ৰাইজে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰাষ্ট্ৰীয় মৰ্য্যদাৰে শেষকৃত্ব সম্পন্ন কৰা হ’ব বুলি জানিবলৈ দিয়ে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।