ডুমডুমা

১৯ ছেপ্টেম্বৰ

ডুমডুমাৰ বাইপাছত আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজ, তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ প্ৰতিমূৰ্তি দাহ প্ৰতিবাদকাৰীৰ।

তিনিচুকীয়া জিলাৰ ডুমডুমা বাইপাছত শনিবাৰে আদিবাসী ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসমত বসবাস কৰি অহা আদিবাসী লোকসকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা, চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা আৰু চাহ শ্ৰমিক সকলক ভূমি পট্টা প্ৰদানৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই ডুমডুমাৰ বাইপাছত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। আধিবাসী ছাত্ৰ সন্থাই দাবী কৰি অহা অসমত বসবাস কৰা আদিবাসী লোকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত সদনত মাত নামাতি কেৱল নিৰ্বাচনৰ সময়ত জনগোষ্ঠীটোলৈ মনত পৰা বুলি অভিযোগ কৰি ডুমডুমা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজ, তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ প্ৰতিমুৰ্তী দাহ কৰি তিব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

উল্লেখ্য যে আদিবাসী সকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদান, চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি আৰু চাহ শ্ৰমিক সকলক ভূমি পট্টা প্ৰদানৰ দাবীত ছাত্ৰ সংগঠনটোৱে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰে আদিবাসী লোকৰ সকলৰ বিভিন্ন সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছিল যদিও বৰ্তমানলৈকে চৰকাৰখনে আদিবাসী লোক সকলৰ কোনো এটা সমস্যাৰে সমাধান কৰিবলৈ সক্ষম হোৱা নাই ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদী সকলে।