ফজলুৰ ৰহমান

সোণতলী

১৯ ছেপ্টেম্বৰ

দক্ষিণ কামৰূপৰ সোণতলীত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে। হাজাৰ হাজাৰ কৃষি ভূমি, মানুহৰ ঘৰ-দুৱাৰৰ লগতে বৰলুইতৰ সোতে উটুৱাই নিলে জলসম্পদ বিভাগৰ ১৪ কোটি টকীয়া জিঅ’ বেগ৷ অঞ্চলটোত বিগত প্ৰায় ত্ৰিছ বছৰ ধৰি অব্যাহত আছে বৰলুইতৰ প্ৰৱল খাহনীয়া৷ ইয়াৰ মাজতে শুক্ৰবাৰে দুপৰীয়াৰ ভাগৰ পৰা খহনীয়া অধিক কালৰূপ ধাৰণ কৰাত আতংকৰ সৃষ্টি হৈছে নৈপৰীয়া ৰাইজৰ মাজত৷

দক্ষিণ কামৰূপৰ সোণতলীৰ এক দীৰ্ঘদিনীয়া সমস্যা হৈছে গৰাখনহীয়া। বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰ নদীয়ে কালৰূপ ধাৰণ কৰাত ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে হাজাৰ হাজাৰ কৃষি ভূমিৰ লগতে কুৰিখন গাঁও। গৰাখহনীয়া তাণ্ডৱত নৈৰ বুকুত জাহ গৈছে স্বাস্থ্যকেন্দ্ৰ আৰু বহু শিক্ষানুষ্ঠান, তথাপিও আজিলৈকে চৰকাৰ তথা প্ৰশাসনে অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যবস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

যোৱা শুকুৰবাৰে দিনৰ ভাগৰ পৰা সোণতলীত লুইতৰ গৰাখহনীয়াই অধিক কালৰূপ ধাৰণ কৰাত চপৰা-চপৰে খহিছে নৈৰ গৰা৷ সোণতলীৰ অন্তৰ্গত পানীখাইতীত গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত প্ৰতিদিনে নৈৰ বুকুত উচন গৈছে এখনৰ পিছত আনখন পৰিয়ালৰ বাসগৃহ৷ পূৰ্বেও কুৰিখনতকৈ অধিক গাঁৱৰ লগতে নদীৰ বুকুত জাহ গৈছে এখন স্বাস্থ্যকেন্দ্ৰ, বহু কেইখন শিক্ষানুষ্ঠান, আৰু বজাৰ৷ নৈৰ বুকুত হাজাৰ হাজাৰ কৃষি ভূমি, আপোন ঘৰখন জাহ যোৱাত দিশ বিদিশ হেৰুৱাই বহু লোকে গুৱাহাটীত দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিব লগা হৈছে।

পানীখাইতীত গৰা খহনীয়াই তাণ্ডৱ অব্যাহত থকাৰ মাজতে এইবাৰ বৰলুইতৰ সোতে উটুৱাই নিলে জলসম্পদ বিভাগৰ ১৪ কোটি টকীয়া জিঅ’ বেগ। ইয়াৰ মাজতে শুক্ৰবাৰে দুপৰীয়াৰ ভাগৰ পৰা খহনীয়া অধিক কালৰূপ ধাৰণ কৰাত আতংকৰ সৃষ্টি হৈছে নৈপৰীয়া ৰাইজৰ মাজত৷

ইফালে বৰ্তমানলৈকে খহনীয়া প্ৰভাৱিত অঞ্চলটো প্ৰশাসনৰ কোনো লোকে উপস্থিত নোহোৱাৰ লগতে কুম্ভকৰ্ণ নিদ্ৰাত আছে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা। চৰকাৰ প্ৰশাসনে অচিৰেই গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হ’ব বৃহত্তৰ সোণতলী অঞ্চলৰ প্ৰায় ৩০খন গাঁৱৰ লগতে সোণতলী বজাৰ, সোণতলী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু বহুতো শিক্ষানুষ্ঠান।