মীৰ জিয়াউৰ ৰহমান

গোসাঁইগাঁও

১৯ ছেপ্টেম্বৰ

গোসাঁইগাঁৱত শুকুৰবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এখন চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰে।

শুকুৰবাৰে নিশা গোসাঁইগাঁও থানাৰ আৰক্ষীয়ে ৩১ নম্বৰ (গ) ৰাষ্ট্ৰীয় ঘাইপথৰ সাপট দলঙৰ নিচেই কাষত থকা আৰক্ষী নাকা চেকিংত বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই এখন চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয়। পশ্চিম বংগ অভিমুখে গৈ থকা এখন দহ চকীয়া ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে ট্ৰাকৰ ভিতৰৰ পৰা বৃহৎ পৰিমাণৰ চুপাৰিৰ বস্তা উদ্ধাৰ কৰে। আৰক্ষীয়ে উদ্ধাৰ কৰা চুপাৰি সমূহ বাৰ্মাৰ চুপাৰি বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ট্ৰাকখনত উদ্ধাৰ কৰা বস্তা সমূহত মুঠ ১৫ টন চুপাৰি আছে আৰু চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে জব্দ কৰা চুপাৰি ভৰ্তি ট্ৰাকখনৰ নম্বৰ ইউপি-৫৩-বি টি-৮১৯৬। ট্ৰাকখনৰ লগতে চালক শুনিল সিং, শিৱ ৰতন সিং আৰু সহচালক লক্ষ্মণ সিং নামৰ উত্তৰ প্ৰদেশৰ তিনিজন লোকক আটক কৰিছে।