আব্দুল বাশিদ সৰকাৰ

হাটশিঙিমাৰী 

১৮ ছেপ্টেম্বৰ

আধাৰ কাৰ্ডৰ নামত দক্ষিণ শালমাৰাবাসী ৰাইজক হাৰাশাস্তিৰ অভিযোগ। প্ৰতিটো গাঁও পঞ্চায়তত আধাৰ কাৰ্ড কেন্দ্ৰ স্থাপনৰ দাবী ছাত্ৰ সন্থাৰ।

দক্ষিণ শালমাৰা খণ্ড উন্নয়ন বিষয়াৰ অস্থায়ী কাৰ্যালয়ত বিতৰণ কৰি থকা আধাৰ কাৰ্ডৰ ফাৰ্ম সংগ্ৰহৰ ক্ষেত্ৰত ৰাইজে ভীষণ হাৰাশাস্তিৰ সম্মুখীন হ’ব লগীয়া হৈছে। প্ৰতিদিনে কাৰ্যালয়খনত যিমান সংখ্যক ফাৰ্ম আহে তাৰ তুলনাত বহু গুণে বেছি ৰাইজ ফাৰ্ম নিবলৈ আহি ঘূৰি যাবলগীয়া হয়। হাজাৰ হাজাৰ পুৰুষ-মহিলাই দিন নিশাই একাষাৰ কৰিও শেষত এখন ফাৰ্ম নাপাই বিমুখত পৰিব লগীয়া হয়। বিভিন্ন সময়ত বহু বয়োজ্যোষ্ঠ পুৰুষ-মহিলাই শাৰী পাতি থাকি অসুস্থ হৈ পৰাও পৰিলক্ষিত হয়। প্ৰায় ৭ খন গাঁও পঞ্চায়ত মিলি এখন আধাৰ কাৰ্ড কেন্দ্ৰ স্থাপন কৰাৰ বাবে ৰাইজ আধাৰ কাৰ্ডৰ বাবে সমগ্ৰ দিনটো শাৰী পাতিও সংগ্ৰহ কৰিব নোৱাৰে আধাৰ কাৰ্ড। আধাৰ কাৰ্ড নহ’লে বহুতে চৰকাৰৰ বিভিন্ন কামৰ পৰা বঞ্চিত হৈ আছে বিশেষকৈ যি সকল দুখীয়া ৰাইজে বি পি এলৰ ঘৰ পাব সেই সকলৰ কাৰণে আধাৰ কাৰ্ড অতিকে প্ৰয়োজন। যাৰ বাবে ৰাইজে বিভিন্ন সমস্যা আৰু হাৰাশাস্তিৰ সম্মুখীন হ’ব লগীয়া হৈছে।

দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানী উপ-সভাপতি শাহীন জাবেদ আহমেদ আৰু স্থানীয় সচেতন ব্যক্তি কাজী জমিৰ উদ্দিন আহমেদে আধাৰ কাৰ্ড নিৰ্মাণৰ ক্ষেত্ৰত ৰাইজ সমস্যা প্ৰত্যক্ষ কৰি ৰাইজৰ সুবিদাৰ্থে প্ৰতিখন গাঁও পঞ্চায়ত আধাৰ কাৰ্ড কেন্দ্ৰ স্থাপন কৰি সৰ্বসাধাৰণ ৰাইজক সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনায়।