ধিং

১৮ ছেপ্টেম্বৰ

বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য প্ৰদান কৰি চৰ্চা লাভ কৰা নগাঁও জিলাৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম এইবাৰ ব্যাপক দুৰ্নীতি সংঘটিত কৰি চৰ্চালৈ আহিছে। কিছুদিন পূৰ্বে কভিড-১৯ কলৈ বিতৰ্কিত মন্তব্য প্ৰদান কৰি জেলৰ ভাত খাই অহা এইজন বিতৰ্কত বিধায়কে এইবাৰ খায় হজম কৰিছে দুখীয়া-দৰিদ্রৰ বাবে আৱন্টিত ধন। অমিনুল ইছলামৰ দুৰ্নীতিক লৈ এতিয়া সৰৱ হৈ পৰিছে সদৌ নগাঁও জিলা আমছু।

বিগত দহটা বছৰে ধিং সমষ্টিত এ আই ইউ ডি এফৰ বিধায়ক হৈ থকা আমিনুল ইছলাম অতিকৈ পিছপৰা নিজৰ সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যদিও দুৰ্নীতি আৰু অনিয়মত ক্ষেত্ৰত বিধয়াক গৰাকী কিন্তু এক্সপাৰ্ট। আমছুৱে শুকুৰবাৰে ধিং সমষ্টিৰ অন্তৰ্গত ধিং গাঁৱত এক সংবাদমেল অনুষ্ঠিত কৰি বিধায়ক আমিনুল ইছলামৰ দুৰ্নীতি আৰু অনিময়ৰ কৰ্মকাণ্ডৰ ফাদিল কৰে। সংবাদমেলত সংগঠনটোৱে বিধায়ক আমিনুলৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন কৰি কয় যে বিধায়কজনৰ জৰিয়তে চৰকাৰে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্রত দুখীয়া-দৰিদ্র লোকৰ বাবে বছৰি আৱন্টন দিয়া ধনৰ ক্ষেত্রত বিধায়কজনে চৰকাৰী নীতি-নিৰ্দেশনা ভৰিৰে মোহাৰি স্বজন তোষণত লিপ্ত হৈছে। তদুপৰি বিধায়কজনে নিজ সমষ্টিৰ দুখীয়া-দৰিদ্রক অন্ধকাৰত ৰাখি চিকিৎসাৰ বাবে আৱন্টিত ধন নিজ ভাতৃৰ লগতে চৰকাৰী চাকৰিয়ালৰ পত্নীক প্ৰদনা কৰিছে। কেৱল চিকিৎসাৰ ক্ষেত্ৰতে চৰকাৰী ধন নহয়, দুখীয়া-দৰিদ্র ছাত্র-ছাত্রীৰ বাবে শিক্ষাৰ ক্ষেত্ৰত সমষ্টিটোত চৰকাৰে আৱন্টিত দিয়া ধন বিষয়কজনে প্ৰদান কৰিছে নিজ ভতিজাক।

সম্প্রতি বিধায়ক আমিনুল ইছলামৰ দুৰ্নীতি আৰু অনিয়মৰ এনেবোৰ নিৰ্লজ্জ কৰ্মকাণ্ডৰ কথা ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াতো। সমষ্টিবাসীয়েও এতিয়া অনুভৱ কৰিছে যে আমিনুল ইছলামৰ নিচিনা দুৰ্নীতিগ্ৰস্ত এজন লোকক আমি কিয় বিধায়ক হিচাপে নিৰ্বাচিত কৰিলো।