নৱজ্যোতি বৰুৱা

চামগুৰি

১৮ ছেপ্টেম্বৰ

ঘোৰ অমানিশা আৰু চৰম বিদ্যুৎ সংকটৰ বাবে সমগ্ৰ নগাঁও জিলাৰ অধিকাংশ অঞ্চলৰ লোকে পাৰ কৰিব লগীয়া হ’ল অন্ধকাৰচন্ন এটা নিশা। চামগুৰিস্থিত পাৱাৰ গ্ৰীড চাব ষ্টেচনত বৃহস্পতিবাৰে বিশ্বকৰ্মা পূজাৰ দিনা পুৱাই এটা মেগা ট্ৰাঞ্চফৰ্মাৰ এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত সমগ্ৰ নগাঁও জিলাতে শুক্ৰবাৰ পৰ্যন্ত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে।

অগ্নিস্তুপত পৰিণত হোৱা ২৫ মেগা ভল্ট এম্পিয়াৰৰ ট্ৰাঞ্চফৰ্মাৰটো মেৰামতি কৰি পুনৰ সমগ্ৰ জিলাখনলৈ বিদ্যুৎ পৰিবাহীত কৰিবৰ বাবে এতিয়া দিন-নিশাই একাকাৰ কৰি কামত নিয়োজিত হৈ আছে অভিযন্তা-কৰ্মীসহ প্ৰায় অৰ্ধ শতাধিক লোক। অগ্নিকাণ্ডটিৰ ফলত ট্ৰাঞ্চফৰ্মাৰটোৰ লগতে ট্ৰাঞ্চফৰ্মাৰটোৰ সৈতে সংযোগী আণ্ডাগ্ৰাউণ্ড কণ্ট্ৰল কেৱল সমূহ জ্বলি যোৱাত অধিক সময়ৰ প্ৰয়োজন হৈছে সেইসমূহ মেৰামতি কৰাত। তথাপিও আগন্তুক দুই-চাৰি দিনৰ ভিতৰত পূৰ্বৰ দৰে নগাঁও জিলাত বিদ্যুৎ যোগান দিব পৰা যাব যদিও সঘনাই ল’ড চেডিং হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে সংশ্লিষ্ট বিভাগৰ উচ্চ পদস্থ বিষয়া সকলে।

ৰাইজক ধৈৰ্য্য সহকাৰে ট্ৰাঞ্চফৰ্মাৰটো মেৰামতিত নিয়োজিত বিদ্যুৎ বিভাগৰ কৰ্মৰত কৰ্মী সকলক পূৰ্ণ সহযোগিতা প্ৰদান কৰিবলৈ আহ্বান জনাইছে সংশ্লিষ্ট বিভাগৰ বিষয়া সকলে।