নিউজ ডেস্ক

১৫ আগষ্ট

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে ভাৰতীয় ক্ৰিকেট দলত সবাতোকৈ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে। আনুষ্ঠানিকভাৱে ঘোষণা হোৱা নাই যদিও ছচিয়েল মাধ্যমত মহেন্দ্ৰ সিং ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ কথা প্ৰকাশ কৰিছে।

টেষ্ট ক্ৰিকেট হওক, এদিয়ান ক্ৰিকেট হওক বা টি২০ ক্ৰিকেট হওক, ক্ৰিকেটৰ সকলো ফ’ৰমেটত ভাৰতীয় দলক শীৰ্ষ লৈ যোৱা অধিনায়ক গৰাকী হ’ল মহেন্দ্ৰ সিং ধোনী। ভাৰতীয় ক্রিকেটত মহেন্দ্ৰ সিং ধোনীৰ নাম সদায় সোণালী আখৰেৰে লিখা থাকিব। টি২০ ক্ৰিকেটত ভাৰতক বিশ্ব চেম্পিয়ান বনোৱাৰ পৰা দ্বিতীয়বাৰৰ বাবে ভাৰতৰ হাতত এদিনীয়া ক্ৰিকেটৰ বিশ্ব কাপ তুলি দিয়াৰ ক্ষেত্ৰত কেপ্টেইন কুল হিচাপে বিশ্ব ক্ৰিকেটত জনাজাত মহেন্দ্ৰ সিং ধোনীৰ অৱদান ভাৰতীয় ক্ৰিকেট অনুৰাগী কেতিওয়া পাহৰিব নোৱাৰে। ভাৰতীয় ক্রিকেটৰ এই মহান অধিনায়ক গৰাকীয়ে দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনা ঘোষণা কৰিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ।

উল্লেখ্য যে ২০১৯ চনৰে পৰা মহেন্দ্ৰ সিং ধোনী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি আছিল যদিও ভাৰতীয় দলৰ সবাতোকৈ সফল অধিনায়ক গৰাকীয়ে হঠাতে এইদৰে ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ মহেন্দ্ৰ সিং ধোনীৰ অনুৰাগী সকল আচৰিত হৈ পৰিছে।