ফজলুৰ ৰহমান

সোণতলী 

১৫ আগষ্ট

দক্ষিণ কামৰূপৰ সোণতলীত শনিবাৰে সন্ধীয়াৰ সময়ত উদ্ধাৰ হয় এটা প্ৰকাণ্ড অজগৰ। স্থানীয় ৰাইজে আজগৰটোক উদ্ধাৰ কৰি বন বিভাগক খবৰ দিয়ে।

শনিবাৰে সন্ধীয়া প্ৰায় ৭ বজাত দক্ষিণ কামৰূপৰ সোণতলীত এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয়৷ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত আৰিকাটি গাঁৱত প্ৰায় ১০ কিলোগ্ৰাম ওজনৰ অজগৰটোক আৰিকাটিৰ হাশেম আলীৰ ঘৰত থকা নাৰিকল গছৰ ওপৰত প্ৰত্যক্ষ কৰিছিল পৰিয়ালৰ লোকে৷ স্থানীয় ৰাইজে অজগৰটোক উদ্ধাৰ কৰি গৰৈমাৰী বন বিভাগক খবৰ দিয়ে৷ গৰৈমাৰী বন বিভাগৰ কর্মী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজে উদ্ধাৰ কৰা আজগৰটোক নিজৰ জিম্মালৈ নিয়ে।

সন্ধিয়াৰ সময়ত আজগৰ উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাত আজগৰটোক চাবলৈ বহু লোক অঞ্চলটোত একত্ৰিত হয়। আজগৰটোক স্থনীয় ৰাইজে আক্ৰমণ নকৰি উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়াৰ বাবে গৰৈমাৰী বন বিভাগৰ বন বিষয়া কমল কলিতাই স্থানীয় ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ উপৰিও প্ৰশংসা কৰে।