মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

২৯ নৱেম্বৰ

সংখ্যালঘু সম্প্ৰদায় লক্ষ্যবিহীন সম্প্ৰদায় হ’ব ধৰিছে। সকলোৱে কেৱল সংখ্যালঘু সম্প্ৰদায়ক ব্যৱহাৰ কৰিব বিচাৰে। আজি নিৰ্বাচন আহিছে, সেয়ে এই সম্প্ৰদায়টোৰ গুৰুত্ব বাঢ়িছে। নিৰ্বাচন উকলিব আৰু সংখ্যালঘু ৰাইজৰ গুৰুত্ব নাইকীয়া হ’ব। কাৰণ আমি লক্ষ্যবিহীন। গতিকে গুণগত শিক্ষাৰে শিক্ষিত হৈ নিজেকে উপযুক্ত হিচাপে গঢ়ি তোলক। এই মন্তব্য দেওবাৰে গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত অন্থাইবাৰী এম ই স্কুল প্ৰাংগনত অনুষ্ঠিত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত পূৱ গোসাঁইগাঁও আঞ্চলিক আৰু ইয়াৰ অন্তৰ্গত ৯ খন শাখা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহন কৰি আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰৰ।

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত পূৱ গোসাঁইগাঁও আঞ্চলিক সমিতিৰ শপত বাক্য পাঠ অনুষ্ঠান কাৰ্যসূচীত পোনতে পূৱা আঠ বজাত দলীয় পতাকা উত্তোলন কৰে পূৱ গোসাঁইগাঁও আঞ্চলিক সমিতিৰ সভাপতি মতিয়ৰ ৰহমান প্ৰধানীয়ে। পৰৱৰ্তী সময়ত ৯ বজাত পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক মোস্তাফিজুৰ ৰহমানৰ নেতৃত্বত বৃক্ষ ৰোপন কাৰ্যসূচী, ১০ বজাত জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰেজোৱান আলীৰ নেতৃত্বত শ্বহীদ তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পিছত দিনৰ ১১ বজাত পূৱ গোসাঁইগাঁও আঞ্চলিক সমিতিৰ লগতে ইয়াৰ অন্তৰ্গত নখন শাখা সমিতিৰ শপত বাক্য পাঠ কৰায় আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি মাজহাৰুল ইছলামে।পৰৱৰ্তীসময়ত ১ বজাত অনুষ্ঠিত হয় সজাগতা সভা। পূৱ গোসাঁইগাঁও আঞ্চলিক সমিতিৰ সভাপতি মতিয়ৰ ৰহমান প্ৰধানীৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে নিৰ্বাচন সন্দৰ্ভত কয় যে বিটিচি ৰাইজে এক কাপ চাহ আৰু পাঁচ শ টকাৰ বিনিময়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত নকৰিব। আবেগিক নহৈ, নিজৰ বিবেক বিবেচনাৰে উপযুক্ত প্ৰাৰ্থীক ভোটদান কৰিব। তেওঁ আৰু কয় যে এতিয়া নিৰ্বাচন আহিছে, এতিয়া লাফিকুল ইছলামৰ কথা সকলোৰে মনত পৰিছে কিন্তু তিনি বছৰ অতিক্ৰম কৰাৰ পিছতো এতিয়া লৈকে লাফিকুল ইছলামৰ হত্যাকাৰীক কিয় উপযুক্ত শাস্তি দিয়া হোৱা নাই? তেওঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কয় যে যদি আপোনাৰ সাহস আছে, লাফিকুলৰ হত্যাকাৰীক ৰাজহুৱা কৰক। সভাত কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি ৰফিকুল ইছলামে তেওঁৰ মন্তব্যত কয় যে আজিৰ দিনত একাংশই সংখ্যালঘূ সম্প্ৰদায়ৰ মাজত কেতিয়াবা বাংলাদেশী দেখে, কেতিয়াবা মোগল দেখে আকৌ কেতিয়াবা পাকিস্তান জিন্দাবাদ দেখে। এশ শতাংশ খাটি অসমীয়া সংখ্যালঘুক আকৌ একাংশ‌ই তুচ্ছতাৰ দৃষ্টিতে দেখে কিন্তু অসমত সংখ্যালঘুসকলৰ অৱদান কোনেও স্বীকৃতি দিব নিবিচাৰে, এয়া অতি দুৰ্ভাগ্যজনক।

সভাত কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আনোৱাৰ হুছেইনে কয় যে আজিও সংখ্যালঘু সম্প্ৰদায় সকলো ক্ষেত্ৰতে পিছপৰা কিন্তু আমি সংখ্যালঘু ৰাইজে অসমৰ কৃষি, শিক্ষা আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত আমি অসমক বিশেষ অৱদান আগবঢ়াই আহিছে তথাপিও আমি অৱহেলিত, আমি পিছপৰা। পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত পূৱ গোসাঁইগাঁও আঞ্চলিক সমিতি আৰু ইয়াৰ অন্তৰ্গত ভদেয়াগুৰী, হুদুমখাতা, জয়মা, কঠালগুৰী, অন্থাইবাৰী, গুৱাবাৰী, বাবুবিল, গোসাঁইগাঁও আৰু পদ্মপুখুৰী শাখা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত সংগঠনটোৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৃন্দৰ লগতে তিনি শতাধিক লোক উপস্থিত থাকে।