ফজলুৰ ৰহমান

সোণতলী

২৯ নৱেম্বৰ

দক্ষিণ কামৰূপৰ সোণতলীত কেইবা লক্ষাধিক টকাৰ মূল্যবান কাঠ জব্দ। সোণতলীৰ পুৰাণগাঁৱত নম্বৰবিহীন ডিআই গাড়ীসহ মূল্যবান কাঠ জব্দ। কাঠ কঢ়িয়াই নিয়ে ডিআই গাড়ীখনৰ চালক দুর্ঘটনা সংঘটিত কৰি পলায়ন।

দেওবাৰে পুৱতি নিশা দক্ষিণ কামৰূপৰ বকোৰ ভালুকঘাটাৰ পৰা পশ্চিম বন সংমণ্ডল বিষয়াৰ এটা দলে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই নম্বৰবিহীন কাঠ ভৰ্তি এখন ডিআই গাড়ী জব্দ কৰে। পশ্চিম বন সংমণ্ডল বিষয়াই লাভ কৰা খবৰৰ ভিত্তিত মূল্যবান চোৰাং কাঠ ভৰ্তি ডিআই গাড়ীখন আটক কৰাৰ চেষ্টা চলাওঁতে গাড়ীখন পলায়ন কৰে আৰু পুৱতি নিশা আনুমানিক ৩ বজাত সোণতলীৰ পুৰাণগাঁৱত কাঠ ভৰ্তি গাড়ীখন নিয়ন্ত্ৰন হেৰুৱাই দুৰ্ঘটনাত পতিত হয়৷ দুৰ্ঘটনা সংঘটিত কৰিয়ে গাড়ীখনৰ চালক পথৰ ওপৰতে গাড়ীখন এৰি ধান খেতিৰ মাজেৰে পলায়ন কৰিবলৈ সক্ষম হয়। পিছত বন বিষয়াৰ দলটোৱে মুল্যবান কাঠসহ ডিআই গাড়ী উদ্ধাৰ কৰি কাঠসহ গাড়ীখন জব্দ কৰে।

দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত একাংশ দুষ্টচক্ৰই চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ দীৰ্ঘদিন ধৰি উথাপিত হৈ আছে। দক্ষিণ কামৰূপৰ একাংশ বন বিষয়াৰ আশীৰ্বাদত চোৰাং কাঠৰ বেহা চলি থকাৰো অভিযোগ দীৰ্ঘদিনীয়া। ইপিনে মূল্যবান চোৰাং কাঠ ভৰ্তি ডিআই গাড়ী জব্দ হোৱা সন্দৰ্ভত বন বিষয়াই সাংবাদিকৰ আগত কোনো ধৰণৰ মন্তব্য প্ৰকাশ নকৰাত সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত৷