গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জানুৱাৰী : আছুৰ নতুন ৰাজনৈতিক দলক আদৰণি জনালে হিমন্ত বিশ্ব শৰ্মাই। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বক ইয়াৰ বাবে কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ‘মই ছিনিয়ৰ গগৈক ভয় কৰা নাছিলো, এতিয়া জুনিয়ৰ গগৈক কি ভয় কৰিম?’

বিধানসভাত অসম চুক্তিৰ ভুল ব্যাখ্যা কৰাৰ অভিযোগ অনা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক উভতি ধৰিলে হিমন্ত বিশ্বই। তেখেতৰ মন্তব্য, ইংৰাজী শুদ্ধকৈ পঢ়াৰ বাবে মই ক্ষমা খুজিম নেকি?

আমি নিশ্চিতভাৱে বিজয়ী হ’ম, কংগ্ৰেছে নতুন দলৰে মিত্ৰতা কৰক বা নকৰক আমি জয়ী হ’ম। এনেদৰেও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ লগতে আছুক প্ৰত্যাহ্বান জনাই শৰ্মাই কয় জনীয়া, বাঘবৰ, ৰূপহীহাট আদিত বজ্ৰগৰ্জন হ’লে মানিম, ছহিদৰ ফটোত হাত থৈ মই কোৱা কথা অসত্য বুলি কওক ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।