লখিমপুৰৰ পৰা ইজনা মামুল হক চৌধুৰী, সংবাদ ৩৬৫, ৩০ জুন : দুৰ্নীতি নকৰো বুলি আল্লাৰ নামত শপত খাইছিল বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ দলৰ বিধায়ক সকলে। আল্লাৰ শপত খোৱা এ আই ইউ ডি এফৰ বিধায়ক, নেতা-পালিনেতাৰ বিৰুদ্ধে উঠিছে দুৰ্নীতিৰ অভিযোগ। এ আই ইউ ডি এফৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ সমষ্টি নাওবৈচাত বিধায়ক গৰাকীৰ উন্নয়ণ পুজিত এতিয়া দৌৰাত্ম্য চলিছে বিধায়কৰ ভাতৃ মামুন ইক্ৰাম, পৰিয়াল, অঙহী-বঙহী আৰু একাংশ এ আই ইউ ডি এফ দলৰ নেতা-পালিনেতাৰ।

লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ বিধায়কৰ বিভিন্ন পুঁজিৰ পৰা আৱন্টন দিয়া ধনৰ ক্ষেত্ৰত উঠি-ৰজা-বহি ৰজা হৈ পৰিছে বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ ভাতৃৰ লগতে একাংশ এ আই ইউ ডি এফৰ নেতা-পালিনেতা। গ্ৰামাঞ্চলৰ উন্নয়ণৰ বাবে আৱন্টিত কোটি-কোটি টকা সামান্য কাম কৰি, কৰবাত মাটি এপচৰা নেপেলেৱাকৈয়ে উলিয়াই নিয়াৰ কথা পোহৰলৈ আহিছে। নাওবৈচা সমষ্টিৰ লালুক কলেজ-আহোমগাঁও সংযোগী পথটো উন্নয়নৰ বাবে বিধায়ক পুঁজিৰ পৰা দহ লাখ টকা আৱন্টন দিয়া হৈছিল। এক আৰ টি আই তথ্যত পোহৰলৈ আহিছে যে উক্ত পথটো উন্নয়ণৰ বাবে ইতিমধ্যে দুটাকৈ কিস্তিত দহ লাখ টকা মোকলাই নিয়া হৈছে কিন্তু উন্নয়নৰ নামত পথটো আজিলৈকে নপৰিল মাটি এচপৰা অথবা শিলগুটি এটা। একদৰে একেটা পথতে বিধায়ক পুঁজিৰ দহ লাখ টকা ব্যয়েৰে এখন কাঠৰ দলং নিৰ্মাণ কৰা হৈছে যদিও দলংখনৰ নিৰ্মাণ কাম ইমানেই নিম্নমানৰ যে মাত্ৰ কেইদিনমানৰ ভিতৰতেই যাতায়তৰ বাবে অনুপযোগী হৈ পৰিল কাঠৰ দৰংখন। উন্নয়নৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগত নাওবৈচাৰ বিধায়ক গৰাকীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় লোক।

স্থানীয় ৰাইজে বিধায়ক মামুন ইমদাদুল হক চৌধুৰীক সমালোচনা কৰি একাঠু বোকাময় পথৰ ওপৰত ভূই ৰুই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নাওবৈচাৰ এ আই ইউ ডি এফ দলৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ উন্নয়নৰ প্ৰতিটো পুঁজিত দুৰ্নীতিৰ ভয়াৱহ তথ্য পোহৰলৈ অহা বুলি প্ৰকাশ কৰি বিধায়ক পুঁজিত সংঘটিত দুৰ্নীতিৰ মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ শাখাৰ যোগেদি তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।