সোণতলীৰ পৰা ফজলুৰ ৰহমান, সংবাদ ৩৬৫, ৩০ জুন : বানে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে কামৰূপ জিলাৰ সোণতলী-নগৰবেৰা ই এন ডি মথাউৰিলৈ। বাঢ়নী পানীৰ খুন্দাত চপৰা চপৰে খহিবলৈ ধৰিছে মথাউৰিৰ। সংবাদ৩৬৫, নিউজ পৰ্টেলত বাতৰি প্ৰচাৰৰ পিছত ই এন ডি মথাউৰি ছিঙা ঠাই পৰিদৰ্শন কৰিলে বকোৰ বিধায়িকা নন্দিতা দাসে।

বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ নদী সমুহৰ জলস্তৰ। নদী সমূহৰ জলস্তৰ বৃদ্ধি পোৱাত ৰাজ্যৰ দূৰ্বল মথাউৰি সমুহ গৰাখহনীয়াৰ কৱলত পৰাত ঠায়ে ঠায়ে এতিয়া বানপানীয়ে ভয়ংকৰ ৰূপ লৈছে। কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলী সেলেসুতি মথাউৰি চাৰিআলিৰ ১০০ মিটাৰ পশ্চিমফালে মথাউৰিৰ অংশ চপৰা চপৰে খহিবলৈ ধৰাত শংকিত হৈ পৰিছে মথাউৰিৰ দক্ষিণ পাৰে বসবাস কৰা অৰ্ধশতাধিক গাঁৱৰ ৰাইজ। উল্লেখ্য যে, এই স্থানতেই যোৱা বছৰ বানে এক ভয়ংকৰ ৰূপ লোৱাত মথাউৰি ছিঙাৰ উপক্ৰম হৈছিল যদিও মথাউৰিৰ দক্ষিণ ফালে বসবাস কৰা স্থানীয় ৰাইজে গছ কাটি আৰু বস্তাত মাটি ভৰাই মাথাউৰিখন মেৰামতি কৰি ৰক্ষা কৰিছিল। যোৱা কিছুদিন ধৰি বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাত নদীৰ বাঢ়নী পানীৰ খুন্দাত পুনৰ মাথাউৰিখন চপৰা চপৰে খহিবলৈ ধৰিছে। মাথাউৰিখন যি কোনো সময়ত সম্পূৰ্ণ ৰূপে ভাঙি যোৱাৰ উপক্ৰম হোৱাত অঞ্চলত নৈ পৰিয়া ৰাইজ শংকিত হৈ পৰিছে।

সোণতলী-নগৰবেৰা ই এন ডি মথাউৰিলৈ ভাবুকি নামি অহাৰ বাতৰি যোৱা ২৭ জুন তাৰিখে সংবাদ ৩৬৫ ত প্ৰকাশ পোৱাৰ পিছত মঙলবাৰে বকো সমষ্টিৰ বিধায়িকা নন্দিতাৰ দাসে মাথাউৰিখনৰ খহনীয়া অংশ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় আৰু বিভাগীয় বিষয়া সকলক দিনে নিশা একাকাৰ কৰি মথাউৰিখন মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে।