সোণতলীৰ পৰা ফজলুৰ ৰহমান, সংবাদ ৩৬৫, ৩০ জুন : সোণতলীত বানাক্ৰান্ত ৰাইজৰ কাষত জিলা পৰিষদৰ সদস্য, চিকিৎসক আৰু আৰক্ষী। চৰকাৰী সহায্যৰ পৰা বানাক্ৰান্ত ৰাইজ বঞ্চিত হোৱাৰ অভিযোগৰ মাজতে সোণতলীৰ অন্তৰ্গত বিভিন্ন বান প্ৰভাৱিত অঞ্চলত পৰিদৰ্শন কৰি জিলা পৰিষদৰ সদস্যই বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰিলে বিশুদ্ধ খোৱা পানী, খাদ্য সামগ্ৰীৰ লগতে ঔষধ।

ৰাজ্যৰ চৌদিশে বানপানীয়ে কালৰূপ ধাৰণ কৰাত বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ প্ৰায় ত্ৰিশখনকৈ গাঁও বানপানীৰ কবলত পৰাত কেইবা শতাধিক লোক আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ দিনক দিনে বৃদ্ধি পাবলৈ ধৰাত বানাক্ৰান্ত ৰাইজ অধিক সমস্যাৰ সন্মুখীন হ’ব লগত পৰিছে। ইয়াৰ মাজতে নৈ পৰীয়া ৰাইজৰ ওপৰত ভূতৰ ওপৰত দানব পৰা দি পৰিছে লুইতৰ খহনীয়া। বানপানী আৰু খহনীয়াৰ কবলত পৰা নৈ পৰীয়া ৰাইজ এতিয়া মাথাউৰিৰ ওপৰত আশ্ৰয় শিবিৰ শিবিৰ পাতি গৰু, মহ, ছাগলী ভেড়া আদিৰ লগত একেলগে সহৱস্থান কৰিব লগা হৈছে৷ ব্ৰহ্মপুত্ৰৰ নদীৰ তীব্ৰ সোতত ইতিমধ্যে সোণতলী অঞ্চলৰ বহু কেইটা পৰিয়াল ঘৰ উটি যোৱাত পৰিয়াল কেইটা মুক্ত আকাশৰ তলতে দিন পাৰ কৰিবলৈ বাধ্য হৈছে বুলিও জানিব পৰা গৈছে। ইয়াৰ মাজতে অতিকৈ পৰিতাপৰ বিষয়ে হৈছে এটুপাল বিশুদ্ধ খোৱা পানী, খাদ্যৰ অভাৱ আৰু ৰ’দ-বৰষুণ মাজতে দিন পাৰ কৰিবলগীয়া হোৱা বানাক্ৰান্ত ৰাইজৰ কাষত নাই চৰকাৰৰ কোনো এজন প্ৰতিনিধি। চৰকাৰ, প্ৰশাসন পৰা কোনো ধৰণৰ সহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰা বানাক্ৰান্ত ৰাইজৰ মাজত উপস্থিত হয় সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য। যন্ত্ৰচালিত নাৱৰে সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাহজাহান আলী আহমেদ, সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া কুৰবান আলী, সোণতলী আৰক্ষী চকীৰ আৰক্ষী বিষয়া অৰ্জুন তালুকদাৰৰ লগতে মাহতলী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আমিন মইনুল হকৰ নেতৃত্বত সোণতলীৰ নৈ পৰীয়া বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে৷

সোণতলী এলেকাধিন মাহতলী গাঁও পঞ্চায়তৰ লটুৰাদিয়া, বৰঘুল, পানীখাইতী, ঝাওবাগান আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি জিলা পৰিষদৰ সদস্য স্বাহজাহান আলীয়ে বানাক্ৰান্ত লোক সকলৰ মাজত বিশুদ্ধ খোৱাপানী, তিৰপাল, বিস্কুট আদিৰ লগতে ঔষধ বিতৰণ কৰে৷ উল্লেখযোগ্য যে, আশ্ৰয় শিবিৰ আৰু মথাউৰিত আশ্ৰয় লোৱা বানাক্ৰান্ত লোক সকলৰ মাজত চৰকাৰক সাহায্য প্ৰদান কৰিবলৈ জিলা পৰিষদৰ সদস্য স্বাহজাহান আলীৰ লগতে বানাক্ৰান্ত ৰাইজে বিনম্ৰ অনুৰোধ জনাইছে৷