গুৱাহাটী, সংবাদ ৩৬৫, ২১ এপ্ৰিল : বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কভিড-১৯ কৰ’ণা ভাইৰাছ মহামাৰীৰ সংকটৰ সময়ত নিজ পৰিয়ালক ঘৰত এৰি কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষী, সুৰক্ষা কৰ্মী আৰু সাংবাদিক সকলক ৰাজহুৱা ভাবে সম্বৰ্ধনা জঁনালে এদল যুৱক-যুৱতীয়ে। মহানগৰীৰ ক্ষেত্ৰী থানাৰ অধীনৰ টোপাটলীত সম্পন্ন হয় এই সম্বৰ্ধনা অনুষ্ঠান।

যি সময়ত কভিড-১৯ কৰ’ণা ভাইৰাছৰ আতংকৰ ভয়ত সমগ্ৰ মানৱ জাতি গৃহবন্দী হৈ আছে সেই সময়তে সমাজৰ কিছুসংখ্যক লোক ৰাইজৰ সেৱাৰ অৰ্থে দিনে নিশাই ব্যস্ত হৈ আছে। বিশেষকৈ চিকিৎসক, চিকিৎসা কৰ্মী, আৰক্ষী, সুৰক্ষা কৰ্মী, সাংবাদিক আৰু চাফাই কৰ্মী সকল নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ব্যস্ত হৈ আছে নিজৰ নিজৰ কৰ্তব্য পালনত। বিশ্বব্যাপী সংকটৰ এই সময়ত কভিড-১৯ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ চলাই থকা সমাজৰ এই সকল লোকক উৎসাহিত কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিবলৈ ক্ষেত্ৰী থানাৰ অধীনৰ দক্ষিন টোপাতলী নৱ মিলন যুৱক সংঘৰ যুৱক-যুৱতী সকল মঙলবাৰে ওলাই আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিজ দায়িত্ব আৰু কৰ্তব্যত নিয়োজিত আৰক্ষী আৰু সুৰক্ষা কৰ্মী সকলৰ লগতে কৰ্তব্যৰত সাংবাদিক সকলক অসমীয়াৰ চেনেহৰ বিহুৱানৰে সম্বৰ্ধনা জনায় বিহুৰ ওলগ জনাই পিঠা-জলপানৰে আপ্যায়ন কৰে। দেশৰ এনে ভয়াৱহ মূহুৰ্ততো নিজ দায়িত্ব পালনৰে দেশ আৰু জাতিৰ প্ৰতি সেৱা আগবঢ়োৱা এই ব্যক্তি সকলক কৃতজ্ঞতা জনোৱাৰ বাবে যুৱক-যুৱতী তথা টোপাতলীৰ স্থানীয় ৰাইজে হাত চাপৰি বজাই অভিবাদনো জনায়। বিহুৰ বতৰত টোপাতলীৰ যুৱক-যুৱতী সকলে দেখোৱা এনে প্ৰচেষ্টাক সকলোৱে আদৰনি জনাইছে।

আনহাতে, গুৱাহাটী নগৰ নিগমৰ চাফাই কৰ্মচাৰী সকলৰ লগতে ভাৰলুমুখ আৰক্ষী থানাৰ আৰক্ষী সকলক সংকটৰ এই সময়ত ৰাইজৰ প্ৰতি আগবঢ়াই অহা সেৱাৰ বাবে মঙলবাৰে পুষ্প বৃষ্টি আৰু আৰতি দেখুৱাই সম্বোধনা জনাই মহাদলিত পৰিসংঘ গুৱাহাটী কমিটিৰ সচিব শিৱা বাছফৰে।