গুৱাহাটী, সংবাদ ৩৬৫, ৬ মাৰ্চ: জাগগ আৰু জগাওঁক নামৰ সংগঠনে মহানগৰীৰ ভঙাগড় আৰক্ষী চকীত ইণ্ডিয়া টুডেৰ কৰ্তৃপক্ষ আৰু সাংবাদিক কৌশিক ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। সংগঠনটোৰ সদস্যসকলে ভঙাগড় থানাৰ সন্মুখত ইণ্ডিয়া টুডেৰ কৰ্তৃপক্ষ আৰু সাংবাদিক কৌশিক ডেকাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি ইণ্ডিয়া টুডে আৰু সাংবাদিক কৌশিক ডেকাৰ প্ৰতিমূৰ্তি দাহ কৰে। গুৱাহাটী মহানগৰীক বিকৃত ৰূপত উপস্থাপন আৰু অসমীয়া জাতিক অপমান কৰা অভিযোগ জাগগ আৰু জগাওঁক নামৰ সংগঠনটোৱে ভঙাগড় থানাত ইণ্ডিয়া টুডেৰ কৰ্তৃপক্ষ আৰু সাংবাদিক কৌশিক ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ইণ্ডিয়া টুডে আলোচনীখন শীঘ্ৰে  নিষেধ কৰাৰ দাবীও উত্থাপন কৰিছে জাগগ আৰু জগাওঁক নামৰ সংগঠনটোৱে। উল্লেখ্য যে, যৌন সমীক্ষা প্ৰকাশ কৰি আলোচনীখনে বাতৰি প্ৰকাশ কৰিছিল যে গুৱাহাটী মহানগৰীত কৰ্মস্থানত ৮৬% লোক যৌন কাৰ্যত লিপ্ত হয়। এই বাতৰি প্ৰকাশ হোৱাৰ পিছত সমগ্ৰ ৰাজ্যতে প্ৰীতিক্ৰিয়াৰ সৃষ্টি হৈছিল।