আনিছুৰ আলী

গৌৰিপু্ৰ

১ অক্টোবৰ

ই-ৰিক্সা চালকৰ বিৰুদ্ধে গাড়ী চালকৰ প্ৰতিবাদ। ৰাজপথৰ ওপৰত গাড়ী ৰখাই গাড়ী চালক সকলে কৰিলে প্ৰতিবাদ। ই-ৰিক্সা চালক সকলৰ বিৰুদ্ধে কভিড প্ৰট’কল ভংগ কৰাৰ অভিযোগ গাড়ী চালক সকলৰ।

ধুবুৰী জিলাৰ গৌৰিপু্ৰৰ অন্তৰ্গত আলমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গাড়ী ৰখাই গাড়ী চালক সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। গাড়ী চলক সকলৰ অভিযোগ যে যি সময়ত সকলো যাত্ৰীবাহি গাড়ী চালক সকলে কভিড প্ৰট’কল অনুসৰি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ ৫০ শতাংশ যাত্রীৰে গাড়ী চলাব লগীয়া হৈছে সেই সময়তে ই-ৰিক্সা চালক সকলে ৮-১০ জন যাত্ৰী বহুৱাই ই-ৰিক্সা চলাই আছে।

ই-ৰিক্সা চালক সকলে কভিড প্ৰট’কল ভংগ কৰি ই-ৰিক্সা চলাই থকাৰ বাবে গাড়ী চালক সকলে আলমগঞ্জ বজাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজমজিয়াত গাড়ী ৰখাই এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। গাড়ী চালক সকল প্ৰশাসনক ই-ৰিক্সা চালক সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীও উত্থাপন কৰে।