আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২ অক্টোবৰ

ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত উত্তৰ প্ৰদেশত নৃসংশভাৱে ধৰ্ষিতা হৈ মৃত্যুক সাৱটি লোৱা যুৱতী গৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলী৷ দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ পিছত দ্বিতীয় বাৰৰ বাবে সংঘটিত এই অমানুষিক বৰ্বৰ ধৰ্ষণ কাণ্ডক লৈ দেশ উত্তাল হৈ থকাৰ সময়তেই ঐক্য সেনা অসমে বৃহস্পতিবাৰে শিৱসাগৰত দুৰ্ভগীয়া যুৱতী গপাকীৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰে৷ 

শ্ৰদ্ধাঞ্জলিঅনুষ্ঠানটোত শিৱসাগৰৰ বহু সংখ্যক যুৱক-যুৱতীৰ উপস্থিতিত উত্তৰ প্ৰদেশৰ যুৱতী গৰাকীৰ আত্মাৰ সদগতিৰ অৰ্থে বন্তী প্ৰজ্বলন কৰি আৰু সকলোৱে হাতে হাতে মমবাতি জ্বলাই শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷ অনুষ্ঠানত ঐক্য সেনা অসমে উত্তৰ প্ৰদেশ চৰকাৰৰ লগতে কেন্দ্ৰৰ মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে, বেটী বচাঁও বেটী পঢ়াঁও কথা কোৱা নেৰেন্দ্ৰ মোডী চৰকাৰে প্ৰতিশ্ৰুতি সমুহ বাস্তৱ ক্ষেত্ৰত প্ৰযোজ্য কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

সংগঠনটোৱে ধৰ্ষণৰ বলি হোৱা যুৱতী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে যুৱতী গৰাকীক ন্যায় প্ৰদানৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰি চৰকাকৰ তীব্ৰ সমালোচনা কৰে। সংগঠনটোৱে প্ৰতিবাদস্থলীৰ পৰাই সমগ্ৰ দেশৰ ধৰ্ষণত অভিযুক্ত সকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰো দাবী জনায়।