কুন্দন ভৰালী

নগাঁও

১ অক্টোবৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে আক্ৰমণ আৰু গ্ৰেপ্তাৰ কৰাৰ ঘটনাৰ বিৰুদ্ধে নগাঁৱত উত্তাল প্ৰতিবাদ। কংগ্ৰেছ কৰ্মীয়ে দাহ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি। প্ৰতিবাদস্থলীত উপস্থিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক বৃহস্পতিবাৰে উত্তৰ প্ৰদেশত প্ৰৱেশত বাধা প্ৰদান কৰি কংগ্ৰেছ নেতা গৰাকীক আক্ৰমণ তথা গ্ৰেপ্তাৰ কৰা ঘটনাক কংগ্ৰেছ দলে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। নগাঁৱত ৰাহুল গান্ধীক আক্ৰমণ আৰু গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি কংগ্ৰেছ দলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ উপস্থিতিত প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। উল্লেখ্য যে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ৱাদ্ৰা লগত গণধৰ্ষণৰ বলি হৈ মৃত্যুক সাৱটি লোৱা এগৰাকী ২২ বছৰীয়া দলিত যুৱতীৰ পৰিয়ালৰ লোকক ল’গ ধৰিবলৈ উত্তৰ প্ৰদেশলৈ গৈছিল। উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ৱাদ্ৰাক উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাৰ বাধা প্ৰদনা কৰাত ৰাহুল গান্ধী অকলে খোজকাঢ়ি মৃত যুৱতী গৰাকীৰ পৰিয়ালৰ লোকক ল’গ ধৰাৰ চেষ্টা চলাওঁতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাহুল গান্ধীক বাধা প্ৰদনা কৰাৰ লগতে গতিয়াই মাটিত পেলাই দিছিল।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাহুল গান্ধীক গতিয়াই মাটিত পেলাই দিয়াৰ ভিডিঅ’ বিভিন্ন সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছ দলে উত্তৰ প্ৰদেশ আৰক্ষীৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰিছে।