গুৱাহাটী

২০ ফেব্ৰুৱাৰী

এইছ চি এলৰ আৰ্লি কেৰিয়াৰ প্ৰ’গ্ৰেম, টেকবী হৈছে কৰ্ম-সংযুক্ত উচ্চশিক্ষা কাৰ্যসূচী, যিয়ে চৰকাৰৰ ‘স্কিল ইণ্ডিয়া’ অভিযানলৈ বৰঙণি আগবঢ়ায়। দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে থকা এইছ চি এলৰ নিউ পিপল ষ্ট্ৰেটিজীৰ এক অংশ হিচাপে এই কাৰ্যসূচীটোৱে তেওঁলোকক ভৱিষ্যতে তৈয়াৰ হ’ব পৰা অৰ্হতাৰ যোগান ধৰি আই টি ইঞ্জনিয়াৰিঙৰ চাকৰি আগবঢ়ায়।

শিক্ষাৰ্থীসকলক প্ৰায়োগিক আৰু পেছাগত পদ্ধতিৰে এইছ চি এলৰ প্ৰৱেশস্তৰৰ চাকৰিৰ বাবে সাজু কৰে, য’ত প্ৰাৰ্থীসকল ছ’ফ্টৱেৰ ইঞ্জিনিয়াৰ হ’বৰ বাবে বিশদ ১২ মহীয়া প্ৰশিক্ষণৰ মাজেৰে পাৰ হ’ব লাগে। শিক্ষাৰ্থীসকলে এইছ চি এলত কৰ্মৰত থকা সময়ত বিটছ পিলানী আৰু শাস্ত্ৰ বিশ্ববিদ্যালয়ৰ দৰে প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়সমূহত গ্ৰেজুৱেচন ডিগ্ৰীৰ বাবে নামভৰ্তি কৰাব পাৰে।

এইছ. চি. এলে এই কাৰ্যসূচীটো ২০১৬ চনত শ্ৰেষ্ঠ প্ৰতিভা নিয়োগ কৰিবলৈ তথা তেওঁলোকক জীৱিকাৰ আৰম্ভণিতে আৰ্থিক স্বাধীনতাৰ বাবে সমৰ্থবান কৰাৰ হেতুকে আৰম্ভ কৰিছিল। এতিয়ালৈ, ৩০০০ তকৈ অধিক শিক্ষাৰ্থীয়ে টেকবী কাৰ্যসূচী সফলতাৰে সম্পূৰ্ণ কৰি এইছ চি এলত চাকৰি কৰি আছে।

টেকবী কাৰ্যসূচীৰ প্ৰধান আকৰ্ষণসমূহ হৈছে :

১) এইছ চি এল টেকন’ল’জিৰ সৈতে চাকৰিৰ নিশ্চয়তা : টেকবী আৰ্লি কেৰিয়াৰ প্ৰগ্ৰেমে দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলক বিশ্বজোৰা চাকৰিৰ নিশ্চয়তাৰেসৈতে পূৰ্ণ সময়ৰ চাকৰি যোগান ধৰে। এই কাৰ্যসূচীটো ভাৰতৰ তৃতীয় বৃহৎ আই টি কোম্পানী এইছ চি এলে আগবঢ়াইছে।

২) শিকক আৰু উপাৰ্জন কৰক : শিক্ষাৰ্থী প্ৰাৰ্থী, যি টেকবীৰ বাবে নিৰ্বাচিত হয়, তেওঁলোকে পোনপটীয়া এইছ চি এল প্ৰকল্পত ইনটাৰ্ণশ্বিপ কৰাৰ বাবে ১০ হাজাৰ টকাৰ বেতন পাব।

৩) উচ্চশিক্ষা : এগৰাকী প্ৰাৰ্থিয়ে এইছ চি এলত পূৰ্ণ সময়ৰ চাকৰি লাভ কৰাৰ পিছত বিটছ পিলানী অথবা শাস্ত্ৰ ইউনিভাৰ্ছিটিৰ পৰা উচ্চশিক্ষা গ্ৰহণৰ সুযোগ পাব। উচ্চশিক্ষা কাৰ্যসূচীৰ মাছুল গ্ৰজুৱেশ্বন কাৰ্যসূচীৰ ওপৰত নিৰ্ভৰ কৰি সম্পূৰ্ণকৈ অথবা আংশিকভাৱে এইছ চি এলৰ তৰফৰপৰা দিয়া হ”ব।

৪) পহিলা পাৰিশ্ৰমিক : এবছৰীয়া টেকবী কাৰ্যসূচীৰ সম্পূৰ্ণ সমাপ্তি হোৱাৰ পিছত শিক্ষাৰ্থীগৰাকীয়ে বিচাৰি লোৱা চাকৰিৰ ভূমিকা যেনে ছফ্টৱেৰ ইঞ্জিনিয়াৰ, আন্তঃগাঁথনি ব্যৱস্থাপনা, ডিজাইন ইঞ্জিনিয়াৰিং অথবা ডিজিটেল প্ৰচেচ এছ’ছিয়েটৰ ভূমিকা অনুসৰি বছৰেকত ১.৭৮-২.২০ লাখলৈ পাৰিশ্ৰমিক উপাৰ্জন কৰে।

৫) প্ৰশিক্ষণ কাৰ্যসূচীৰ মাছুল কৰৰ সৈতে ২ লাখ টকা।

৬) লাভালাভ : বিশ্বজোৰা গ্ৰাহকৰবাবে কাম কৰাৰ উপৰিও, যিসকল প্ৰাৰ্থীয়ে টেকবী প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ কৰে, তেওঁলোক এইছ চি এলৰ পূৰ্ণ সময়ৰ কৰ্মচাৰী হোৱাৰ উপৰিও এইছ চি এলৰ সকলো লাভ অৰ্জন কৰে, যিয়ে উচ্চশিক্ষা, স্বাস্থ্যসেৱাৰ লগতে কৰ্মকৰ্তা কল্যাণ কাৰ্যসূচীৰ পৰিসৰ সামৰি লয়।

৭) যোগ্যতাৰ মানদণ্ড : যিসকল শিক্ষাৰ্থীয়ে গণিত আৰু বাণিজ্য বিষয়সহ ৬০% ৰ ওপৰত নম্বৰ লাভ কৰি ২০১৯, ২০২০ বৰ্ষত দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰিছে বা যিসকলে ২০২১ ত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব, তেওঁলোক আবেদন কৰাৰ বাবে যোগ্য হ’ব। অৰ্হতা উপাৰ্জনৰ বাবে প্ৰয়োজনীয় নম্বৰ বিষয়ক অধিক তথ্যৰ বাবে শিক্ষাৰ্থীসকলে www.hcltechbee.com লৈ যাব পাৰে।

৮) যোগ্য প্ৰাৰ্থীসকলে অনলাইন যোগে এটা কেৰিয়াৰ এপটিটিউড টেষ্টত (এইছ চি এল কেট) অৱতীৰ্ণ হ’ব লাগিব। পৰীক্ষাটোত উত্তীৰ্ণ হোৱাসকলক সাক্ষাৎকাৰ আলোচনাৰ বাবে আমন্ত্ৰণ কৰা হ’ব, তাৰ পিছত এইছ চি এল লেটাৰ অফ ইণ্টাৰেষ্ট/অফাৰ লেটাৰ প্ৰেৰণ কৰিব।

৯) এইছ চি এল কেট কুৱাণ্টিটেটিভ ৰিজ’নিং (গণিত), ল’জিকেল ৰিজ’নিং আৰু ইংৰাজী ভাষাৰ ক্ষেত্ৰত থকা প্ৰতিভা পৰীক্ষাৰ বাবে তৈয়াৰ কৰা এটা অনলাইন মূল্যায়ন পৰীক্ষা।

১১) অভিভাৱক আৰু শিক্ষাৰ্থীৰ ওপৰত বোজা নোহোৱাকৈ আৰ্থিক সাহায্য যুগুত কৰা হয়। বেংকৰ দ্বাৰা ঋণ যোগাৰ কৰিব পাৰি আৰু এইছ চি এলত চাকৰি হোৱাৰ পিছত ই এম আই আৰ্হিত প্ৰাৰ্থীসকলে মাছুল পৰিশোধ কৰিব পাৰে। প্ৰশিক্ষণৰ সময়ত ৯০% তকৈ অধিক লাভ কৰা শিক্ষাৰ্থীসকলে কাৰ্যসূচীৰৰ সম্পূৰ্ণ মাছুল ৰেহাই আৰু ৮০% তকৈ অধিক লাভ কৰাসকলে কাৰ্যসূচীৰ ৫০% মাছুল ৰেহাই লাভ কৰে।

১১) শিক্ষাৰ্থীসকলে ৱেবচাইট www.hcltechbee.com লৈ গৈ টেকবী কাৰ্যসূচীৰ বাবে আবেদন কৰিব পাৰে। আকাংশী শিক্ষাৰ্থীসকলে পোনপটীয়া বা অনলাইন পৰামৰ্শৰ বাবে স্থানীয় প্ৰতিনিধিৰ সৈতে যোগাযোগ কৰিব পাৰে। টেকবী সম্বন্ধীয় দিহা-পৰামৰ্শৰ বাবে গুৱাহটীত এইছ চি এলৰ সম্পৰ্ক ব্যক্তি হৈছে: দিবাকৰ বৰা- ৯৮৫৪২৪০৪৬৩ অথবা ই-মেইল: [email protected].

এইছ. চি. এল. টেকন’ল’জিৰ কৰ্পৰেট উপ-সভাপতি, মিছ শ্ৰীমতী শিৱশংকৰ কয় যে “অসম আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে এইছ চি এলৰ টেকবী প্ৰ’গ্ৰেম ফৰ আৰ্লি কেৰিয়াৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ পাই মই অত্যন্ত সুখী। স্তৰ আৰু ভৌগোলিক অৱস্থিতি নিৰ্বিশেষে নতুন বাট মুকলি কৰাৰ ক্ষেত্ৰত এইছ চি এলে সদায় নেতৃত্ব লৈছে। শিক্ষাৰ্থীসকলে এইছ চি এল কাৰ্যসূচীৰ অংশ হিচাপে সহযোগিতা কৰা প্ৰতিষ্ঠিত বিশ্ববিদ্যালয় সমূহৰ পৰা ডিগ্ৰীও লাভ কৰে। এই কাৰ্যসূচীয়ে সংস্থাপন নিৰ্মাণ তথা উচ্চশিক্ষা প্ৰদানৰ যোগেদি ৩০০০ তকৈ অধিক শিক্ষাৰ্থীক লাভৱান্নিত কৰিছে। মই দ্বাদশ শ্ৰেণীৰ সকলো মেধাৱী শিক্ষাৰ্থীক এই কাৰ্যসূচীত যোগদানৰ জৰিয়তে তেওঁলোকৰ বিশ্বজোৰা আই টি কেৰিয়াৰ আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ।”