গুৱাহাটী

২০ ফেব্ৰুৱাৰী

অসম প্ৰদেশ কংগ্রেছ কমিটিৰ উদ্যোগত অহা দেওবাৰৰ পৰা মূল্যবৃদ্ধিৰ প্ৰতিবাদত এলানি কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। প্ৰদেশ কংগ্রেছৰ জেষ্ঠ নেতাই সদৰী কৰা মতে এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যখনৰ সাধাৰণ জনতাৰ কণ্ঠ শুনা যাব। “প্ৰদেশ কংগ্ৰেছে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, শাক-পাচলি আৰু দৈনন্দিন ব্যৱহৃত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত কাৰ্যসূচী গ্ৰহণ কৰিব।

সমগ্ৰ ৰাজ্যৰ চুকে কোণে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণৰ প্ৰতিবাদীকণ্ঠ উপস্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ দলে। প্ৰতিখন জিলা কংগ্রেছ আৰু ব্লক কংগ্রেছ কমিটিকে এই কাৰ্যসূচী গ্ৰহণ কৰি সাধাৰণ জনতাৰ ওপৰত চৰকাৰে জাপি দিয়া অত্যাধিক কৰৰ বোজাৰ কথা জনসাধৰণক অৱগত কৰিবলৈ প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই আহ্বান জনাইছে। ৰিপুন বৰাই এই সন্দৰ্ভত কয়, “কৰৰ নামত বিজেপি চৰকাৰখনে জনসাধৰণৰ ওপৰত “লুট” চলাই আছে”। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়, “বিজেপি চৰকাৰখনে কেৱল পুঁজিপতিৰ বন্ধু আৰু ব্যক্তিগত খণ্ডৰ কোম্পানী সমূহৰ স্বাৰ্থত কাম কৰি আছে, যাৰ বাবে জনতাই দুৰ্ভোগ ভুগি আছে”। এই বৃহৎ গোষ্ঠীয়ে বিগত ছয় বছৰত ইন্ধনৰ মূল্য ২০ লাখ কোটি টকালৈ বৃদ্ধি কৰিছে। প্ৰতি লিটাৰত পেট্ৰ’লৰ প্ৰকৃত মূল্য ৩৩.৪৬ টকা আৰু ডিজেলৰ প্ৰকৃত মূল্য ৩১.৮২ টকা কিন্তু অসমত সাধাৰণ জনতাই প্ৰতি লিটাৰ পেট্ৰ’লত ৮৭ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ৮২ টকা ভৰিবলগীয়া হৈছে বুলিও মন্তব্য কৰে ৰিপুন বৰাই।

ৰিপুন বৰাই লগতে কয় যে বৰ্তমান শাসকীয় পক্ষ আৰু সাধাৰণ জনতাৰ মাজত সম্পৰ্ক বিচ্ছিন্ন হৈছে আৰু খাদ্য আৰু অসামৰিক যোগান ব্যৱস্থাটো পুঁজিপতিৰ হাতত গটোৱাৰ ষড়যন্ত্ৰ কৰিছে। কংগ্রেছৰ জেষ্ঠ নেতা সকলৰ লগতে অসম কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্রেছৰ কেম্পেইন কমিটিৰ অধ্যক্ষ সাংসদ প্ৰদ্যুত বৰদলৈ, ইস্তাহাৰ কমিটিৰ অধ্যক্ষ সাংসদ গৌৰৱ গগৈ, নিখিল ভাৰত মহিলা কংগ্রেছ কমিটিৰ অধ্যক্ষা সুস্মিতা দেৱ অসমৰ বিভিন্ন প্ৰান্তত “অসম বচাও‍ঁ আহক” যাত্ৰাৰ লগতে এই প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰিব।