কুন্দন ভৰালী

নগাঁও

২১ ফেব্ৰুৱাৰী

পুনৰ দলবদ্ধ ধৰ্ষণৰ বলি হ’ল এগৰাকী কিশোৰী। তিনি যুৱকে ধৰ্ষণ কৰিলে এগৰাকী কিশোৰীক। এজন ধৰ্ষণকাৰী আটক ৰাইজৰ হাতত। দুজন পলাই যাবলৈ সক্ষম।

নগাঁও জিলাৰ ৰূপহীহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ধৰ্ষণকাণ্ডৰ ঘটনা। তিনি যুৱকে ধৰ্ষণ কৰিলে এগৰাকী কিশোৰীক। শণিবাৰে সন্ধিয়াৰ ভাগত ৰূপহীহাটৰ তেলিয়াচাপৰিৰ পৰা তিনি দুৰ্বৃত্ত‌ই এগৰাকী কিশোৰীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰে। শনিবাৰে সন্ধিয়াৰ ভাগৰ পৰা সন্ধানহীন হৈ থকা কিশোৰী গৰাকীক পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰি জিউমাৰীৰ জংঘলৰ পৰা মুৰ্মূষ তথা বস্ত্ৰহীন অৱস্থাত কিশোৰী গৰাকীক উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত কিশোৰী গৰাকীৰ ভাষ্যৰ ভিত্তিত ৰাইজে জিউমাৰীৰ আবু বক্কৰ ছিদ্দিক নামৰ এজন যুৱক আটক কৰি উপৰ্যুপৰি জেৰা চলাওঁতে ধৰ্ষণৰ কথা স্বীকাৰ কৰে আবু বক্কৰ ছিদ্দিকে।

আবু বক্কৰ ছিদ্দিকে খাইৰুল ইছলাম আৰু বাহাৰুল ইছলাম নামৰ অন্য দুজন যুৱকৰ সৈতে মিলি কিশোৰী গৰাকীক ধৰ্ষণ কৰাৰ কথা স্বীকাৰ কৰে। ৰাইজে উত্তম মাধ্যম দি ধৃত আবু বক্কৰ ছিদ্দিকক আৰক্ষীক গতাই দিয়ে। ঘটনাৰ লগত জড়িত অন্য দুজন যুৱক বর্তমান পলাতক অৱস্থাত আছে।