মীৰ জিয়াউৰ ৰহমান

গোঁসাইগাঁও

২০ ফেব্ৰুৱাৰী

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান। অভিযানত এক কোটি টকাৰ মণিপুৰী ভাংসহ জব্দ ট্ৰাক। আটক এজন ভাং সৰবৰাহকাৰী। ভাংখিনি ডিমাপুৰৰ পৰা আনিছিল। 

গোঁসাইগাঁও মহকুমাৰ অন্তৰ্গত অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত ৩১ নম্বৰ(গ) ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে আৰক্ষীয়ে অভিযান চলাই মণিপুৰী ভাংসহ এখন ট্ৰাক জব্দ কৰে। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ইউকে-০৬-চিবি-২২৫৩ নম্বৰৰ ট্ৰাকৰ পৰা এক কোটি টকাৰ মণিপুৰী ভাং জব্দ কৰাৰ লগতে এজন ভাং সৰবৰা কাৰীক আটক কৰে ৷ ধৃত ভাং সৰবৰাহকাৰীজন পাঞ্জাৱৰ লুধিয়ানাৰ জছৱিন্দৰ সিং বুলি জানিব পৰা গৈছে৷ আৰক্ষী সুত্ৰৰ পৰা জানিব পৰা মতে অসম-বংগ সীমান্তস্থিত শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পল লাহলিমছেঙৰ নেতৃত্বত আৰক্ষীৰ এটি দলে ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা মণিপুৰী ভাংখিনি জব্দ কৰে।

আৰক্ষীয়ে ভাংসহ ট্ৰাকখনক জব্দ কৰাৰ লগতে চালকজনক আটক কৰি শিমুলটাপু থানাত লৈ আহে৷ জানিব পৰা মতে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা মণিপুৰী ভাংখিনি আনি সৰবৰাহকাৰীজন পশ্চিম বংগৰ কলকাতা অভিমুখে গৈ থকা অৱস্থাত শ্ৰীৰামপুৰত আৰক্ষীৰ হাতত ধৰা পৰে।