গুৱাহাটী

১৯ ফেব্ৰুৱাৰী

“কা” আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ চেম ষ্টেফ’ৰ্ডৰ পৰিয়ালৰ তৰফৰ পৰা গুৱাহাটীত নিৰ্মাণ হ’বলগীয়া স্মৃতিসৌধৰ বাবে গামোচা সংগ্ৰহ কৰিলে কংগ্ৰেছে। কাৰ্যসূচীত ব্যাপক সঁহাৰি জনোৱাৰ লগতে গামোচাত “কা” বিৰোধী বাৰ্তা লিখি কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ হাতত অৰ্পন কৰিলে চেম ষ্টেফ’ৰ্ডৰ পৰিয়ালে। সমগ্ৰ অসমতে মহিলা, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, জেষ্ঠ নাগৰিক, ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীকে ধৰি প্ৰতিটো স্তৰৰ ৰাইজে “কা” বিৰোধী গামোচা সংগ্ৰহ অভিযানত সমৰ্থন জনাই “কা” বিৰোধী বাৰ্তা লিপিবদ্ধ গামোচা কংগ্রেছ দলৰ নেতা-কৰ্মীৰ হাতত প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা।

২০১৯ চনৰ ডিচেম্বৰ মাহত প্ৰথম পৰ্যায়ৰ “কা” বিৰোধী আন্দোলনত যোগদান কৰা মামণি ষ্টেফ’ৰ্ড শ্বহীদ চেম ষ্টেফ’ৰ্ডৰ মাতৃয়ে কংগ্রেছ বিধায়িনী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ হাতত “কা” বিৰোধী বাৰ্তা লিপিবদ্ধ গামোচা অৰ্পণ কৰে। “কা” আন্দোলনত শ্বহীদ হোৱা ১৭ বছৰীয়া চেম ষ্টেফ’ৰ্ডৰ ন্যায় দাবী কৰি শ্বহীদ চেম ষ্টেফ’ৰ্ডৰ মাতৃ গৰাকীয়ে কয় “মোৰ পুত্ৰ কোনো উগ্ৰপন্থী নাছিল, কোনো গুণ্ডা নাছিল। মোৰ নিৰাপৰাধী পুত্ৰক হত্যা কৰিবলৈ তেওঁলোকক কোনে অধিকাৰ দিলে? মই চেম ষ্টেফ’ৰ্ডৰ বাবে ন্যায় বিচাৰো।” আৰ এছ এছৰ প্ৰাক্তন নেতা তথা বিশিষ্ট শিক্ষাবিদ মুকুল চন্দ্ৰ শইকীয়াই গামোচাত “কা” আইন প্ৰত্যাহাৰৰ দাবী লিপিবদ্ধ কৰি স্বাক্ষৰ কৰা গামোচাখন কংগ্রেছ নেতা ৰকিবুল হুছেইনৰ হাতত অৰ্পণ কৰে। তিনিচুকীয়াত বিশিষ্ট সমাজকর্মী ৰাজীৱ সন্দিকৈয়ে গামোচাত “ক” বিৰোধী বাৰ্তা লিখি স্বাক্ষৰ প্ৰদান কৰা গামোচাখন কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ হাতত অৰ্পণ কৰে। ৰাজীৱ সন্দিকৈয়ে গামোচাত লিখিছে “এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে মই “কা” আইনক তীব্ৰ বিৰোধিতা কৰোঁ আৰু ইয়াক প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনালোঁ।” প্ৰসিদ্ধ সমাজকর্মী, শিক্ষাবিদ, কবি ডঃ প্ৰয়াগ শইকীয়াই গামোচাত “কা’ বিৰোধী বাৰ্তা লিপিবদ্ধ কৰি কংগ্রেছ নেতা দেৱব্ৰত শইকীয়াৰ হাতত অৰ্পণ কৰে। তেখেতে কয় ” “কা” আইন অসম বিৰোধী আৰু ই অসম চুক্তি উলংঘা কৰিছে।।বিজেপি চৰকাৰে অসমীয়াৰ স্বাৰ্থৰ বিৰুদ্ধে “কা” আইন জাপি দিছে।” বিশিষ্ট শিক্ষাবিদ ডঃ খৰ্গেশ্বৰ ভূঞাই কংগ্রেছ নেতাৰ হাতত গামোচাত “কা” বিৰোধী বাৰ্তা লিপিবদ্ধ কৰি স্বাক্ষৰ কৰা গামোচা অৰ্পণ কৰে। তেখেতে “কা” আইনক সমালোচনা কৰি কয় যে এই আইনখন জনসাধাৰণ বিৰোধী আৰু অসম বিৰোধী।

আন এগৰাকী বিশিষ্ট সমাজকর্মী শিৱানন্দ কাকতিয়ে গামোচাত “কা” বিৰোধী বাৰ্তা লিখি কংগ্রেছ দললৈ প্ৰেৰণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ঘোষণা কৰিছে যে “কা” বিৰোধী বাৰ্তা লিপিবদ্ধ ৫০ লাখ গামোচা সংগ্ৰহ কৰিব আৰু এপ্ৰিল-মে’ মাহত কংগ্রেছ দলে চৰকাৰ গঠন কৰিয়েই “কা” আন্দোলনৰ শ্বাহীদৰ স্মৃতিসৌধ নিৰ্মাণ কৰি তাত গামোচা সমূহ প্ৰদৰ্শন কৰিব।