কুন্দন ভৰালী

নগাঁও

৭ জুলাই

এগৰাকী মডেল তথা অভিনেত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল। কভিড চিকিৎসালৰ সামগ্ৰী চুৰি কৰাৰ অভিযোগত দাখিল কৰা হ’ল এজাহাৰ। কভিড চিকিৎসালত ভৰ্তি হৈ থকাৰ মুহূৰ্তত মডেল গৰেকীয়ে চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল নিজৰ টুইটাৰ একাউন্টত।

ৰোগীক ব্যৱহাৰৰ বাবে দিয়া সামগ্ৰী নোহোৱা হোৱাৰ অভিযোগ তুলি আৰক্ষী চকীত মডেল ইশিকা বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে কোভিড চিকিৎসালয়ৰ দায়িত্বত থকা চিকিৎসকে। নগাঁৱৰ ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ত থকা কভিড চিকিৎসালয়ৰ দায়িত্বত থকা চিকিৎসক মুকুট বৰাই আৰক্ষী চকীত মডেল ইশিকা বৰাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে যে, ইশিকা বৰা নামৰ কোভিড ৰোগী গৰাকীয়ে সুস্থ হৈ উঠাৰ পিছত চিকিৎসালয়ৰ পৰা ৰিলিজৰ সময়ত তেওঁক ব্যৱহাৰৰ বাবে চিকিৎসালয়ৰ কৰ্তৃপক্ষই দিয়া সামগ্ৰী সমূহ জমা দিয়া নাই। এজাহাৰ দাখিল কৰি চিকিৎসক জনে এই সম্পৰ্কত আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে।

মায়ানগৰী মুম্বাইত প্ৰতিষ্ঠিত মডেল তথা নগাঁৱৰ কামপুৰৰ ইশিকা বৰাৰ শৰীৰত যোৱা ২৩ জুন তাৰিখে কভিড-১৯ পজিটিভ ধৰা পৰাত সেইদিনাই স্বাস্থ্য বিভাগে মডেল গৰাকীক নগাঁৱৰ ভোগেশ্বৰী ফুকননি কোভিড চিকিৎসালয়ত ভৰ্তি কৰাইছিল। মডেল গৰাকী নগাঁৱৰ কভিড চিকিৎসালয়খনৰ চিকিৎসা ব্যৱস্থা সম্পৰ্কত মুঠেই সুখী নাছিল আৰু এই সম্পৰ্কে মডেল গৰাকীয়ে নিজৰ টুইটাৰত উল্লেখ কৰিছিল।