অলি উল্লাহ খান

লাহৰীঘাট

৭ জুলাই

মৰিগাঁও জিলাৰ লাহৰীঘাট ব্লক কমিনিউটি হলত ২০২০ বৰ্ষৰ ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষাত লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত সৰ্বোচ্চ শতাংশত ষ্টাৰ, ডিষ্টিংচন, লেটাৰ আৰু প্ৰথম স্থান প্ৰাপ্ত কৃতি ছাত্ৰ-ছাত্ৰী সকলক লাহৰীঘাট ব্লক এন এচ ইউ আইৰ দ্বাৰা বিশেষ সম্বৰ্ধনা।

এন এচ ইউ আইয়ে ‘জিলিকাব লুইতৰে পাৰ ‘ নামৰ সম্বৰ্ধনা অনুষ্ঠানত লাহৰিঘটৰ মুঠ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়। জনোৱা হয়। কৃতি ছাত্ৰ-ছাত্ৰী সকলক এখনকৈ ফুলাম গামোচা, মানপত্ৰ, জাপি আৰু ইংৰাজী-অসমীয়া অভিধান, চেনিটাইজাৰৰ বটল আৰু মাক্স প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলকৰ লগতে আমন্ত্ৰিত অতিথি সকলকো ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানটি সঞ্চালনা কৰে লাহৰীঘাট সমষ্টি এন এচ ইউ আইৰ সভাপতি আশিকুল ইছলামে। অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা আৰু আদৰণি পৰ্বৰ আঁত ধৰে সম্পাদক আনচাৰুল ইছলামে।

সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ডাঃ নজৰুল ইছলাম, মৰিগাঁও জিলা কংগ্ৰেছ সংখ্যালঘু কোষৰ অধ্যক্ষ ডাঃ আছিফ নাজাৰ, ৰাজ্যিক এন এচ ইউ আই সংগঠনৰ সম্পাদক অভিনাশ গগৈ, জিলা পৰিষদৰ সদস্যা ইচমে আৰা বেগম আৰু আঞ্চলিক সভাপতি নুৰ জামাল।