চামগুৰিৰ পৰা নৱজ্যোতি বৰুৱা,  সংবাদ ৩৬৫, ২১ জুন : নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত দক্ষিণ পাটগাঁৱৰ এগৰাকী দুখীয়া মহিলাক প্ৰয়োজন হৈছে সহায়ৰ। ধনৰ অভাৱত মহিলা গৰাকী যোৱা চাৰি মাহ ধৰি কৰিব পৰা নাই চিকিৎসা। চিকিৎসাৰ অভাৱত মহিলা গৰাকী চটফতাই আছে বিছনাত।

চামগুৰিৰ দক্ষিণ পাটগাঁৱৰ অনুমাই দাস নামৰ এগৰাকী অতিকৈ দুখীয়া মহিলা এগৰাকীক চিকিৎসাৰ প্ৰয়োজন হৈছে আৰ্থিক সহায্যৰ। অনুমাই দাসৰ পুত্রই মানুহৰ ঘৰত দিন হাজিৰা কৰি অতি কষ্টৰ মাজেৰে নিজৰ ঘৰখন পোহপাল দি দৰিদ্ৰতাৰে যুঁজ চলাই থকা অনুমাই দাসৰ পুত্রৰ মূৰৰ ওপৰত ভাঙি পৰিছে অন্য এক পাহাৰ। এক কাল অমানিসা নামি আহিছে অনুমাই দাসৰ ঘৰখনলৈ। চাৰি মাহ পূৰ্বে ঘৰৰ ভিতৰতে আকস্মিক ভাৱে পৰি যোৱাত কঁকাল ভৰিৰ জোৰা ভাঙি গৈছিল অনুমাই দাসৰ। দৰিদ্ৰ মহিলা গৰাকীয়ে ইতিমধ্যে ঘৰৰ মাটি, গোহালিৰ গৰু বিক্ৰী কৰি নিজৰ ক্ষমতা অনুসৰি নগাঁৱৰ চিকিৎসালয়ত চিকিৎসা কৰিছিল যদিও চিকিৎসাৰ বাবে অধিক ধনৰ প্রয়োজন হোৱাত আধাতে চিকিৎসা সামৰি ঘৰলৈ উভতি আহিব লগীয়া হৈছে অনুমাই দাসৰ। ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি অনুমাই দাস বিগত চাৰি মাহ ধৰি একেখন বিছনাত পৰি চতফতাই থাকিব লগীয়া হৈছে।

ইফালে মানুহৰ ঘৰত দিন-হাজিৰা কৰা মহিলা গৰাকী পুত্রৰ লক ডাউনৰ সময়ছোৱাত ঘৰতে বহি থাকিব লগীয়া হোৱাৰ বাবে বৰ্তমান পৰিয়ালটোৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছে। ঘৰৰ এই আৰ্থিক অৱস্থাৰ ফলত অনুমাই দাসৰ পুত্ৰও মানসিক ভাৱে দুৰ্বল হৈ পৰিছে। আনহাতে দুৰ্ভগীয়া অনুমাই দাস নামৰ মহিলা গৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে, চৰকাৰী স্বাস্থ্য বিভাগৰ আঁচনিৰ অধীনত অটল অমৃত যোজনা আৰু আয়ুষ্মান ভাৰতৰ কাৰ্ড থকাৰ পাছতো নগাঁৱৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসক সকলে আগধন জমা দিয়াৰ পাছতহে চিকিৎসা কৰে।

অনুমাই দাসৰ লগতে অঞ্চলটোৰ স্থানীয় কিছুমান ৰাইজে নিৰুপায় হৈ মহিলা গৰাকীক উন্নত চিকিৎসা বাবে চৰকাৰৰ লগতে কিছু হৃদয়বান লোকক আৰ্থিক ভাৱে সহায় কৰিবৰ বাবে আহ্বান জনাইছে। দৰিদ্ৰ মহিলা গৰাকীক উন্নত চিকিৎসা কৰিবৰ বাবে কোনো হৃদয়বান লোকে সহায় কৰিব বিছাৰিলে ভাৰতীয় ষ্টেট বেংক শাখাৰ গ্ৰাহক অনুমাই দাসৰ একাউন্ট নাম্বাৰ ৩৬০১০৪০৯৬০৬, আই.এফ.এছ.চি. ক’ড নাম্বাৰ এছ বি আই এন০০০২১১৯ ধন জমা দিয়া অথবা ৬০০৩৬১২২৪৩ নাম্বাৰত মহিলা গৰাকীক যোগাযোগ কৰিবৰ বাবে সংবাদ মাধ্যমৰ যোগেদি আহ্বান জমাইছে।