চামগুৰিত, সংবাদ ৩৬৫, ২১ জুন : সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হ’ল ষষ্ঠ যোগ দিৱস। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ চামগুৰিৰ সোণাৰীবালিৰ সাৰ্বজনীন দুৰ্গা মন্দিৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় স্বয়ং সেৱকৰ উদ্যোগত যোগ দিৱস পালন। কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ চৰকাৰী নীতি-নিয়ম পালন কৰি অংশগ্ৰহণ কৰিলে বহু লোকে।

বিশ্বৰ অন্যান্য দেশ সমূহৰ লগতে ভাৰততো অব্যাহত আছে কৰ’ণা ভাইৰাছৰ তাণ্ডৱ। কৰ’ণা ভাইৰাছৰ ত্ৰাসৰ মাজতে দেওবাৰে দেশবাসীয়ে পালন কৰিলে ষষ্ঠ যোগ দিৱস। এইবাৰ যোগ দিৱস উপলক্ষে পূৰ্বৰ দৰে ৰাইজৰ মাজত উৎসাহ দেখিবলৈ পোৱা নগ’ল যদিও বহু ঠাইত কিছু সংখ্যক ৰাইজে যোগ শিবিৰ অনুষ্ঠিত কৰি পালন কৰিলে যোগ দিৱস। সুষ্ঠ শৰীৰ আৰু সুষ্ঠ মানসিকতা গঢ়াৰ লক্ষ্যৰে ২১ জুনৰ বিশেষ দিনটোত সমগ্ৰ বিশ্বতে পালন কৰা হয় যোগ দিৱস। যোগ দিৱস উপলক্ষে দেওবাৰে নগাঁও জিলাৰ চামগুৰিৰ সোণাৰীবালিৰ সাৰ্ব্বজনীন দুৰ্গা মন্দিৰৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ব্যৱস্থাপনাত চামগুৰিৰ সমাজ সেৱক পাৰ্থপ্ৰতীম হাজৰিকাৰ সহযোগত তথা যোগ প্ৰশিক্ষক ৰাহুল হাজৰিকা আৰু ৰাজীৱ হাজৰিকাৰ প্ৰচেষ্টাত যোগ দিৱস সুচাৰোৰূপে পালন কৰে। সোণাৰীবালিৰ সাৰ্ব্বজনীন দুৰ্গা মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা যোগ দিৱসৰ অনুষ্ঠানত চামগুৰি অঞ্চলৰ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে। ষষ্ঠ যোগ দিৱসৰ এই যোগ শিবিৰ অনুস্থানত প্ৰতিজন লোকেই সম্পূৰ্ণ চৰকাৰী নীতি-নিয়ম মানি ছেনিটাইজা ব্যৱহাৰ কৰি, মাস্ক আৰু হেণ্ড গ্ল’পছ পৰিধান কৰি যোগাসন কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে, শক্তিপীত কামাখ্যা মন্দিৰত যোগ দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বাবা সকলেও যোগ শিবিৰ অমুষ্ঠিত কৰি যোগাসন কৰে যদিও এইবাৰ মহামৰী কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত নোহোৱাৰ বাবে ভক্ত সকলৰ লগতে বাবে সকলেও অহা নাই নীলাচল পাহাৰলৈ।