কলগাছিয়া

২৩ ছেপ্টেম্বৰ

বাঘবৰৰ চতলা গাঁৱত বিধ্বংসী গৰাখহনীয়া। খহনীয়া প্ৰতিৰোধৰ বাবে নেদেখা জনৰ ওচৰত সমূহীয়া প্ৰাৰ্থনা ৰাইজৰ। খবৰ লবলৈ আহৰি নোপোৱাত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে ক্ষোভ।

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তথা বাঘবৰ সমষ্টিৰ চতলা, পাহাৰতলী, ৰৌখোৱা, পাথৰচালি, হাপাচৰা আদি গাঁৱত বিগত এবছৰ ধৰি মানাহ আৰু ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত শ শ পৰিয়ালৰ ভেটি-মাটিৰ লগতে কেইবাশ বিঘা কৃষিভূমি নদীৰ বুকুত জাহ যোৱাৰ পিছতো বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে ক্ষতিগ্ৰস্ত লোকৰ খবৰ ল’বলৈ আহৰি নোপোৱাত ক্ষোভিত হৈ পৰিছে খহনীয়াগ্ৰস্ত ৰাইজ। যোৱা এক সপ্তাহত চতলা গাঁৱত ৩০ টাৰো অধিক পৰিয়ালৰ ঘৰ নদীৰ বুকুত জাহ যোৱাত গছৰ তলত নিশা যাপন কৰিব লগা হৈছে পৰিয়াল সমূহে। অনিদ্ৰা অনাহাৰে দিন পাৰ কৰা পৰিয়াল সমূহে নতুনকৈ এটি ঘৰ সাজিবলৈ এচপৰা মাটি নথকাৰ ফলত পথৰ ভিক্ষাৰী হৈ অঘৰীৰ দৰে জীৱন যাপন কৰিব লগাত পৰিছে।

বিগত কিছুদিন ধৰি খহনীয়া প্ৰতিৰোধৰ বাবে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিও চৰকাৰ তথা জনপ্ৰতিনিধিৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম নহ’ল বাঘবৰ সমষ্টিৰ খহনীয়াগ্ৰস্ত ৰাইজ। অৱশেষত চৰকাৰ আৰু জনপ্ৰতিনিধিৰ প্ৰতি আস্থা হেৰুৱাই নেদেখা জনৰ ওচৰত সমূহীয়া প্ৰাৰ্থনা জনাই খহনীয়া প্ৰতিৰোধৰ কামনা কৰিছে খহনীয়াগ্ৰস্ত লোকে।