বৰপেটা, সংবাদ ৩৬৫, ৩১ ডিচেম্বৰ: ছাত্র-ছাত্ৰীৰ জীৱনক লৈ হেতালি এজন প্ৰধান শিক্ষকৰ। প্ৰধান শিক্ষকজনৰ গাফিলতিৰ বাবেই প্ৰাথমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী নাম ভৰ্ত্তিৰ পৰা বঞ্চিত হোৱাৰ পথত। ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা এই প্ৰধান শিক্ষক গৰাকী হৈছে বৰপেটা জিলাৰ ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত ১৩৮৪ নং বলাইপথাৰ ২য় খণ্ড প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ওচমান গণি। উল্লেখ্য যে, ২০১৯ শিক্ষাবর্ষৰ নামভৰ্ত্তি আৰম্ভ হ’ব ১ জানুৱাৰীৰ পৰা। সেই হিচাপে প্ৰধান শিক্ষকৰ আহ্বান মৰ্মে বিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে ৰাতিপুৱা ৯ বজাতেই উত্তীৰ্ণৰ প্ৰমাণ পত্ৰৰ বাবে বিদ্যালয়ত উপস্থিত হয় যদিও দুপৰীয়া ১২ বজালৈকে বিদ্যালয়ত উপস্থিত হোৱা নাই প্ৰধান শিক্ষক ওচমান গণি। যাৰ বাবে উপস্থিত হোৱা অভিভাৱকে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে শিক্ষক গৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে।