তেজপুৰ, সংবাদ ৩৬৫, ৩১ ডিচেম্বৰ: সোমবাৰে তেজপুৰৰ গণেশ ঘাটত অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাৰ বিশেষ পদক্ষেপত অসমৰ অন্যতম অগ্ৰণী পৰ্যটন প্ৰতিষ্ঠান ইষ্টাৰ্ণ ৱেভ টুৰিজিমৰ উদ্যোগত তেজপুৰ গণেশ ঘাটৰ সিপাৰে অৱস্থিত ব্ৰহ্মপুত্ৰৰ চৰ দ্বীপক “উগ্ৰচৰ” হিচাপে নামকৰণ কৰা হয়  আৰু “উগ্ৰচৰ” পৰ্যটন উদ্বোধন কৰা হয়। তেজপুৰ গনেশ ঘাটৰ সমীপৱৰ্তী উগ্ৰচৰৰ জৰিয়তে অসম পৰ্যটনৰ এক নতুন অধ্যায়ৰ সূচনা কৰা হয়। চৰ পৰ্যটনৰ এই নতুন সংযোজনৰ পৰিপ্ৰেক্ষিতত পৰ্যটকে নদীৰ মাজৰ চৰত গৈ থকাৰ অনন্য অভিজ্ঞতা লাভ কৰিব পাৰিব। তেজপুৰ পৌৰসভাৰ অধ্যক্ষ পুষ্পা ডেকাই উদ্বোধন কৰা অনুষ্ঠানটোত অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মা, গণেশ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি অতুল বৰুৱা, সম্পাদক ড:দিলীপ চৌধুৰী, সমাজসেৱক অঞ্জন দাসকে আদি কৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে। উগ্ৰচৰ এটা পৰিৱেশ পৰ্যটন কেন্দ্ৰ। প্ৰকৃতিৰ মাজত প্ৰকৃতিৰ লগত সহৱস্থান কৰি ইয়াত পৰ্যটকে বনভোজ, নদীৰ পাৰৰ বালিত বিভিন্ন  খেল ধেমালি , চৰৰ মাজত থকা অৰণ্যৰ মাজে মাজে ট্ৰেকিঙ্, চৰৰ চৌপাশে ঘোৰাবাগী ট্ৰেকিঙৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ  আৰু চৰটোৰ সৌন্দৰ্য উপভোগ, উগ্ৰচৰৰ কটেজত আৰু কেম্পিঙত নিশা যাপন, স্থানীয়-দেশী-বিদেশী খাদ্যৰ জুতি লোৱা, ডলফিন পইন্টত শিহুৰ পৰ্যবেক্ষণ কৰা,  উগ্ৰচৰৰ পৰা নাওৰে গৈ কাজিৰঙা, লাওখোৱা আৰু নামেৰি অভয়াৰণ্য দৰ্শন কৰা ইত্যাদি সুযোগ লাভ কৰিব পাৰিব।