গুৱাহাটী, সংবাদ ৩৬৫, ৩১ ডিচেম্বৰ: নৱবৰ্ষলৈ অসমৰ কৃষকলৈ এক সুখবৰ। পুনৰ এক ঐতিহ্যাসিক মুহুৰ্তৰ সাক্ষী হৈ ৰ’ল বৰঝাৰ বিমানবন্দৰ। কিছুদিন পুৰ্বে অসমৰ শাক-পাচলি বিদেশলৈ উৰা মাৰিছিল আৰু আজি সোমবাৰে পুনৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা স্পাইচ জেটৰ বিমানযোগে অসমৰ ১০০০ কিলো কমলা টেঙা উৰা মাৰিলে সুদুৰ হংকং আৰু ছিংগাপুৰলৈ। এতিয়াৰে পৰা অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলৰ কমলা টেঙা ৰপ্তানি হ’ব বিদেশলৈ। সোমবাৰে বৰঝাৰ বিমানবন্দৰত এই কামৰ আনুস্থানিক শুভাৰম্ভনি ঘটাই উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । লগতে অসমে এক বিপ্লৱ সুচনা কৰিব বুলি জনায় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। উত্তৰ-পুৰ্বাঞ্চলৰ সুমথিৰাৰ বিশেষ গুনৰ বাবে বিদেশলৈ দৈনিক ৰপ্তানি হ’ব অসমৰ সুমথিৰা । এনেদৰে কমলা টেঙা অথবা সুমথিৰা পঠাবলৈ কৃষকে যোগাযোগ কৰিব পাৰিব স্পাইচ জেট কৰ্তৃপক্ষৰ লগত । আনহাতে অসমৰ কৃষকে পঠিৱাব লগা শাক-পাচলিৰ বাবে প্ৰত্যেক দিনাই সেৱাৰ বাবে সাজু বৰঝাৰ বিমানবন্দৰৰ অঠৰীটি বিভাগৰ লগতে কাষ্টম বিভাগ । অসমৰ কেচাঁ শাক-পাচলিৰ লগতে কমলা টেঙা ৰপ্তানি হোৱা এই সুখবৰে নিশ্চয়কৈ অসমৰ কৃষকসকলৰ বাবে সুখৰ বতৰা কঢ়িয়াই অনাৰ লগতে অসমৰ কৃষক সকলে পাব সঠিক মূল্য ।