নগাঁৱৰ পৰা পিংকি শইকীয়া, সংবাদ ৩৬৫, ৭ মাৰ্চ: ড্ৰাগচ আৰু জুৱাৰ বিৰুদ্ধে কঠোৰ পদক্ষেম গ্ৰহণ কৰাৰ উদ্দেশ্যে নগাঁও আৰক্ষীয়ে গঠন কৰিছে স্পেচিল অপাৰেচন টিম। নগাঁও আৰক্ষীৰ এই স্পেচিল অপাৰেচন টিমে জিলাখনৰ অ’লিয়ে গ’লিয়ে এতিয়াৰে পৰা ৰাখিব চোকা দৃষ্টি। বুধবাৰে নগাঁৱত এক সংবাদমেল অনুষ্ঠিত কৰি নগাঁও জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধীয়ে এই ড্ৰাগছ আৰু জুৱা বিৰোধী বিশেষ অপাৰেচন টিমৰ বিষয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে নগাঁও আৰক্ষীৰ নৱগঠিত এই স্পেচিল অপাৰেচন টিমে জিলাখনৰ ড্ৰাগচ, জুৱা, তীৰ আৰু অবৈধ সুৰাৰ ঘাটিত তীব্ৰতৰ অভিযান চলাব। নগাঁও জিলাত থকা সকলোবোৰ ড্ৰাগছ, জুৱা, মদৰ ঘাটিসমূহ অতি শীঘ্ৰে উৎখাত কৰাৰ চেষ্টা চলাব এই বিশেষ টিমে। যোৱা দুটা দিনত নগাঁও আৰক্ষীৰ এই বিশেষ টীমে ড্ৰাগছ বিৰোধী অভিযানত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বুলি সংবাদমেলত দাবী কৰে নগাঁও আৰক্ষী অধীক্ষকে।