গুৱাহাটী, সংবাদ ৩৬৫, ৬ জানুৱাৰী: ঐতিসাহিক দ্বীপৰ বিলত দেওবাৰে কাহিলিপুৱাৰে পৰা উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। দ্বীপৰ বিলৰ দাতিকাষৰীয়া অঞ্চলৰ মাছমৰীয়া লোকসকলে পালন কৰি আহিছে এই ‘বিল মাৰা’ উৎসৱ। তাৰ সমান্তৰালকৈয়ে দেওবাৰে দ্বীপৰ বিলত কাহিলিপুৱাৰে পৰা আৰম্ভ হৈছে ‘বিল মাৰা’ উৎসৱ। দাতিকাষৰীয়া লোকসকলে প্ৰায় মাহযোৰা প্ৰস্তুতিৰে নাও৮ ৰং কৰাকে ধৰি নাও মেৰামতি, বিভিন্ন প্ৰকাৰ মাছ মৰা, জাল-জাঙোৰ আদি সকলো সাজু কৰি উলিয়াইছে। দ্বীপৰ বিলত দেওবাৰে প্ৰায় ৪০০ খন নাও একেলগে নামিল আৰু প্ৰত্যকখন নাৱতে দুজনকৈ মাছমৰীয়া মাছ ধৰা পৰিলক্ষিত হয়। দ্বীপৰ বিলৰ দাতীকাষৰীয়া এই মাছমৰীয়া সকলে এনেদৰে মাছ ধৰিয়ে জীৱিকা নিৰ্বাহ কৰি আছে । জানিব পৰা ম’তে এইবাৰ দ্বীপৰ বিলত ৰৌ,ভকুৱা,চিতলকে ধৰি প্ৰায় আঢ়ৈ কুইন্টল মাছৰ পোনা মেলি দিছিল। আৰু সেই পোনাবোৰ এতিয়া ডাঙৰ হোৱাত এনেদৰে বিলৰ বুকুত মাছ ধৰে । উল্লেখ্য যে পোনা দ্বীপৰ বিলত মেলি দিয়াৰ পিছৰে পৰা প্ৰায় ৮ মাহ দ্বীপৰ বিলত কোনো মাছমৰীয়াই মাছ ধৰা নাই। পৰম্পৰাগতভাৱে ধৰা এনে মাছবোৰ বিভিন্ন বজাৰত মোকলাই দিয়ে যদিও আজাৰাৰ বজাৰত কোনো ওজন নোহোৱাকৈ আনুমানিক হিচাপে বিক্ৰী কৰে । যাৰ বাবে এই বজাৰত অসংখ্যা গ্ৰাহকৰ সমাগম ঘটে।