বাক্সা, সংবাদ ৩৬৫, ৬ জানুৱাৰী: বাক্সা জিলাৰ নাগ্ৰীজুলিত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। নাগ্ৰীজুলিত বনৰীয়া হাতীৰ জাকে দৈনিক তাণ্ডৱ চলোৱাৰ ফলত বিনীদ্ৰ ৰজনী কটাই আহিবলগীয়া হৈছে উক্ত অঞ্চলবাসীয়ে। শনিবাৰে নিশাও বনৰীয়া হাতীৰ জাক এটাই নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰী গাৱত প্ৰৱেশ কৰি তাণ্ডৱ চলায়। ৰাতি হাতীৰ জাকটোৱে গুৱাবাৰী গাৱত প্ৰৱেশ কৰি কেইবাটাও বাসগৃহ ভাঙি তাণ্ডৱ চলোৱাৰ উপৰিও হাতীৰ জাকটোৱে দেৱ কলিতা নামৰ লোকজনৰ দোকান ঘৰ ভাঙি দোকানৰ বয়-বস্তু খাই তহিলং কৰে আৰু বহু পৰিমাণৰ বস্তু গছকি ধ্বংস কৰে। দেৱ কলিতাই জনোৱা মতে দোকানৰ ক্ষয় ক্ষতিৰ পৰিমাণ প্ৰায় এক লাখ টকা হ’ব। ইপিনে বন বিভাগে বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে।