বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ৬ জানুৱাৰী: নগাঁৱৰ উত্তৰ অঞ্চলৰ ঐতিহ্যমণ্ডিত  কান্দুলীমাৰি ছিৰাজীয়া  উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী  জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানটি  অহা ১৮ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব। উক্ত বিদ্যালয়খনৰ সোণালী জয়ন্তীৰ বাবে প্ৰাক্তন ছাত্র-ছাত্ৰী সকলৰ পঞ্জীয়ন পৰ্ব আজিৰে পৰা আৰম্ভ হৈছে। দেওবাৰে পুৱা দহ বজাত বিদ্যালয়ৰখনৰ চৌহদত থকা প্ৰাক্তন ছাত্র  ছাত্ৰীৰ কাৰ্যালয়ত উপাধ্যক্ষ ৰফিকুল ইছলাম আৰু উদ্যোক্তা সমিতিৰ কাৰ্য্যকৰী সভাপতি ডা: ৰিযাজ উদ্দিন আহমেদে আনুষ্ঠানিক ভাৱে মুকলি কৰে। প্ৰাক্তন ছিৰাজীয়ান সকলৰ পঞ্জীয়ন কাৰ্যসূচী। সোণালী  জয়ন্তী সমাৰোহ উদযাপন সমিতিৰ কাৰ্যকাৰী সভাপতিৰ লগতে  পঞ্জীয়ন উপ সমিতিৰ সভাপতি আবুল কালামে কেইবাগৰাকী প্ৰাক্তন ছিৰাজীয়ানক আনুষ্ঠানিকভাবে গামোচা, পঞ্জীয়ন পত্ৰ আৰু সোণালী  জয়ন্তীৰ একোটাকৈ বেজ প্ৰদান কৰে । উদযাপন সমিতিৰ কাৰ্যকাৰী সভাপতি ডা: ৰিযাজ উদ্দিন আহমেদে গৌৰৱোজ্জ্বল সোণালী জয়ন্তী সমাৰোহৰ বৰ্ষ যোৰা

প্ৰতিটো কাৰ্যসূচীৰ পিছত এতিয়া সামৰণি কাৰ্যসূচীতো সকলো প্ৰাক্তন ছাত্র ছাত্ৰীৰ আন্তৰিক সহযোগিতা কামনা কৰাৰ লগতে সকলো প্ৰাক্তন ছিৰাজীয়ানক সোণালী  জয়ন্তী সামৰণি সমাৰোহলৈ আদৰণি জনাই। দেওবাৰে প্ৰথম দিনাই শতাধিক প্ৰাক্তন ছিৰাজীয়ানসকলে  নাম পঞ্জীয়ন কৰে । সেই সকলৰ ভিতৰত  একাংশ বয়োজেষ্ঠ ছিৰাজীয়ানে নিজৰ নাম পঞ্জীয়ন কৰে । অহা ১৫ জানুৱাৰীলৈকে চলি থাকিবলগীয়া এই পঞ্জীয়ন প্ৰক্ৰিয়াৰ দেওবাৰে আৰম্ভণি অনুস্থানত বিদ্যালয়ৰ অধ্যক্ষৰ লগতে উপস্থিত থাকে সোণালী জয়ন্তী সমাৰোহ উদযাপন সমিতিৰ সভাপতি মুস্কুৰ হুছেইন, সাধাৰণ সম্পাদক ডা:মফিজুৰ ৰহমান চৌধুৰী লগতে বিদ্যালয়ৰ শিক্ষক সকল। অহা ১৫ তাৰিখলৈকে প্ৰতি দিনে দিনৰ দহ বজাৰ পৰা আবেলি ৪ বজালৈ বিদ্যালয় চৌহদত এই পঞ্জীয়ন প্ৰক্ৰিয়া চলি থাকিব বুলি সোণালী  জয়ন্তী সমাৰোহ উদযাপন সমিতিৰ প্ৰচাৰ সম্পাদক বাহাৰুল ইছলামে জানিব  দিছে |