মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও 

২২ নৱেম্বৰ

কংগ্ৰেছৰ দূৰ্গ পুনৰুদ্ধাৰৰ বাবে বিটিচিৰ শ্ৰীৰামপুৰ সমষ্টিৰ প্ৰাৰ্থী সজল সিংহৰ ব্যাপক প্ৰয়াস। দল এৰি যোৱা সকলক ওভতাই অনাৰ চেষ্টা সজল সিংহৰ। ৭০ জনকৈ আদিবাসী যুৱকক যোগদান কৰালে কংগ্ৰেছ দলত।

বিটিচি নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে ৰাজনৈতিক দল সমূহৰ নেতা-কৰ্মী তথা দলীয়-নিৰ্দলীয় প্ৰাৰ্থী সকলৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ভোটৰ প্ৰাকক্ষনত বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মী সকলৰ মাজত দল সলনি কৰাৰ ধুমুহা উঠিছে। বিটিচিৰ ৩ নম্বৰ অ-জনজাতি শ্ৰীৰামপুৰ সমষ্টিৰ আদিবাসী অধ্যুষিত গাঁৱত কংগ্ৰেছ দলৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত বিভিন্ন দল সংগঠন পৰা ৭০ গৰাকীকৈ যুৱকে কংগ্ৰেছ দলত যোগদান কৰে। কংগ্ৰেছ দলত যোগদান কৰা যুৱক সকলে শ্ৰীৰামপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সজল কুমাৰ সিংহৰ ব্যক্তিত্ব আৰু জনসেৱা কৰাৰ মানসিকতাৰ প্ৰতি আকৰ্ষিত হৈ কংগ্ৰেছ দলৰ যোগদান কৰা বুলি জানিবলৈ দিয়ে। নতুনকৈ কংগ্ৰেছ দলত যোগদান কৰা সকলে সাংবাদিক আগত কয় যে “স্বাধীনতাৰ পাছত কংগ্ৰেছৰ অভেদ্য দূৰ্গ হিচাপে কোকৰাঝাৰ জিলাৰ ২৮ নম্বৰ গোসাঁইগাঁও বিধানসভা সমষ্টিটো জনাজাত আছিল। একেৰাহে পাঁচদশক ধৰি উক্ত সমষ্টিৰ পৰা কংগ্ৰেছৰ অবিসম্বাদী নেতা প্ৰয়াত মিথিয়াছ টুডুৱে জয় লাভ কৰি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ পদ অলংকৃত কৰিছিল। বিগত দুইদশক ধৰি কংগ্ৰেছৰ এই দুৰ্গত ফাট মেলিছে। সুযোগ্য নেতৃত্বৰ অভাৱত ইতিমধ্যে বহু কংগ্ৰেছীয়ে দল এৰি যোৱাৰ সমানে আন একাংশ জ্যেষ্ঠ তথা একনিষ্ঠ কংগ্ৰেছীয়ে অৱসৰ জীৱন যাপন কৰিবলৈ বাধ্য হৈছে। এইবাৰ বিটিচিৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি কংগ্ৰেছ দলক শক্তিশালী কৰাৰ লগতে শ্ৰীৰামপুৰ সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থী হিচাপে সজল সিংহক মনোনয়ন দিয়াত কংগ্ৰেছ দলৰ মাজত যেন এক জোঁৱাৰ আহিছে। দলটোৰ স্থানীয় নেতা সকলৰ সুযোগ্য নেতৃত্ব আৰু সঠিক দিশা নিৰ্দেশ তথা প্ৰাৰ্থীগৰাকীৰ প্ৰচেষ্টাত কংগ্ৰেছৰ ভেটি সুদৃঢ় হৈছে”। শ্ৰীৰামপুৰ সমষ্টিৰ কংগ্ৰেছৰ নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি নুৰ আলম শ্বেখৰ পৰিচালনাত অনুষ্ঠিত সভাত আদিবাসী জনগোষ্ঠীৰ জ্যেষ্ঠ ব্যক্তি সকলে কয় বিটিচি নিৰ্বাচনত এই সমষ্টিৰ পৰা সজল সিংহ নিৰ্বাচিত হ’লে ২০২১ ৰ বিধানসভা নিৰ্বাচনতো উক্ত সমষ্টি কংগ্ৰেছৰ দখললৈ আহিব। প্ৰচাৰ সভাখনত প্ৰাৰ্থী সজল সিংহই কয় তেওঁৰ জয় লৈ কোনো চিন্তা নাই। সজল সিংহই আৰু কয় যে ‘মোৰ হৈ দিনে নিশা কাম কৰি থকা কৰ্মী-সমৰ্থক সকলেও মোৰ জয় লৈ আত্মবিশ্বাসী। বিশেষকৈ কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ মিত্ৰতাই শ্ৰীৰামপুৰ সমষ্টিত কংগ্ৰেছৰ জয় সুনিশ্চিত কৰিছে।কিয়নো উক্ত সমষ্টিৰ ভোটাৰ ৰাইজৰ জনগাঁথনি হিচাপে আন কোনো দলৰ প্ৰাৰ্থী বা নিৰ্দলীয় প্ৰাৰ্থী জয়লাভৰ কোনো অংক নাই, সম্ভাৱনাও নাই। যাৰবাবে ভোট গ্ৰহনৰ দিন যিমানে চমু চাপি আহিছে আন দল তথা নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থক সকলে কংগ্ৰেছ দলত ঢাপলি মেলিছে।’

বিটিচিৰ ৪০ টা সমষ্টিৰ ভিতৰত সজল কুমাৰ সিংহক অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ কংগ্ৰেছ, যুৱ কংগ্ৰেছ তথা এআইইউডিএফ দলৰ নেতা-কৰ্মীয়ে ৰাইজৰ মাজত গৈ নিষ্ঠাৰে কাম কৰি আছে বুলি কয় কোকৰাঝাৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি সহৰ আলীয়ে। নয়াডি গাঁৱত অনুষ্ঠিত সভাত উপস্থিত ৰাইজৰ মাজত মহিলা সকলৰ উপস্থিতি আছিল লক্ষ্যণীয়।